স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ : কাটাৰত বাজিল ৰণশিঙা (2022 FIFA World Cup in Qatar) । অৱশ্যে এয়া ফুটবল বিশ্বযুদ্ধৰহে ৰণশিঙা । য'ত দেওবাৰৰ পৰা তয়াময়া ৰণত অৱতীৰ্ণ হ'ব বিশ্বৰ ৩২ খনকৈ দেশ ।
আৰব দেশত অনুষ্ঠিত হোৱা প্ৰথমখন ফিফা বিশ্বকাপ হৈছে ২০২২ কাটাৰ বিশ্বকাপ (First FIFA world cup in Arab country) । এইবাৰৰ বিশ্বকাপ ফুটবলত ৩২ টা দলে বিশ্ব মুকুট অৰ্জনৰ বাবে দুই ভৰিৰ যুঁজত প্ৰতিদ্বন্দ্বিতা কৰিব । লিয়নেল মেছি (Lionel Messi) আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ (Cristiano Ronaldo) বাবে হৈছে এয়া অন্তিম সুযোগ ।
আনহাতে, বিশ্ব ক্ৰীড়াৰ আটাইতকৈ ডাঙৰ মঞ্চখনলৈ উভতি আহিছে কাইলিয়ান এমবাপে (Kylian Mbappe) । ইফালে ব্ৰাজিলে নিজৰ অভিলেখ সম্প্ৰসাৰিত কৰাৰ বাবে ষষ্ঠ খিতাপৰ বাবে যুঁজিব । আজি প্ৰথম মেচখনত ঘৰুৱা দল কাটাৰৰ প্ৰতিদ্বন্দ্বী হৈছে ইকুৱেডৰ । বিশ্বৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতাখনৰ বিষয়ে কিছু জানিবলগীয়া কথা আগবঢ়োৱা হৈছে ।
ফিফা বিশ্বকাপ ২০২২-ৰ গ্ৰুপসমূহ হৈছে :
GROUP A : কাটাৰ (আয়োজক), ইকুৱেডৰ, ছেনেগাল, নেদাৰলেণ্ড
Group B : ইংলেণ্ড, ইৰাণ, আমেৰিকা, ৱেলছ
Group C : আৰ্জেণ্টিনা, চৌডি আৰব, মেক্সিকো, পোলেণ্ড
Group D : ফ্ৰান্স, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, টিউনিছিয়া
Group E : স্পেইন, কোষ্টা ৰিকা, জাৰ্মানী, জাপান
Group F : বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া
Group G : বাৰ্জিল, ছাৰ্বিয়া, ছুইজাৰলেণ্ড, কেমেৰুণ
Group H : পৰ্তুগাল, ঘানা, উৰুগুৱে, দক্ষিণ কোৰিয়া
সময়সূচী :
২০ নৱেম্বৰ : কাটাৰ বনাম ইকুৱেডৰ, নিশা ৯.৩০ বজা, আল বায়াট ষ্টেডিয়াম
২১ নৱেম্বৰ : ইংলেণ্ড বনাম ইৰাণ, সন্ধিয়া ৬.৩০ বজা, খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়াম
২১ নৱেম্বৰ : ছেনেগাল বনাম নেদাৰলেণ্ড, নিশা ৯.৩০ বজা, আল টুমামা ষ্টেডিয়াম
২২ নৱেম্বৰ : আমেৰিকা বনাম ৱেলছ, নিশা ১২.৩০, আল ৰায়ান ষ্টেডিয়াম
২২ নৱেম্বৰ : আৰ্জেণ্টিনা বনা চৌডি আৰব, বিয়লি ৩.৩০ বজা, লুজেইল ষ্টেডিয়াম
২২ নৱেম্বৰ : ডেনমাৰ্ক বনাম টিউনিছিয়া, সন্ধিয়া ৬.৩০ বজা, ইডুকেচন চিটী ষ্টেডিয়াম
২২ নৱেম্বৰ : মেক্সিকো বনাম পোলেণ্ড, নিশা ৯.৩০ বজা, ষ্টেডিয়াম ৯৭৪
২৩ নৱেম্বৰ : ফ্ৰান্স বনাম অষ্ট্ৰেলিয়া, নিশা 12:30 বজা, আল জানুব ষ্টেডিয়াম
২৩ নৱেম্বৰ : মৰক্কো বনাম ক্ৰোৱেছিয়া, বিয়লি 3.30 বজা, আল বায়াট ষ্টেডিয়াম
২৩ নৱেম্বৰ : জাৰ্মানী বনাম জাপান, সন্ধিয়া 6.30 বজা, খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়াম
২৩ নৱেম্বৰ : স্পেইন বনাম কোষ্টা ৰিকা, নিশা 9.30 বজা, আল টুমামা ষ্টেডিয়াম
২৪ নৱেম্বৰ : বেলজিয়াম বনাম কানাডা, নিশা 12.30 বজা, আল ৰিয়ান ষ্টেডিয়াম
২৪ নৱেম্বৰ : ছুইজাৰলেণ্ড বনাম কেমেৰুণ, বিয়লি 3.30 বজা, আল জানুব ষ্টেডিয়াম
২৪ নৱেম্বৰ : উৰুগুৱে বনাম দক্ষিণ কোৰিয়া, সন্ধিয়া 6.30 বজা, ইডুকেচন চিটী ষ্টেডিয়াম
২৪ নৱেম্বৰ : পৰ্তুগাল বনাম ঘানা, নিশা 9.30 বজা, ষ্টেডিয়াম 974
২৫ নৱেম্বৰ : ব্ৰাজিল বনাম ছাৰ্বিয়া, নিশা 12.30 বজা, লুচাইল ষ্টেডিয়াম
২৫ নৱেম্বৰ : ৱেলছ বনাম ইৰাণ, বিয়লি 3.30 বজা, আল ৰিয়ান ষ্টেডিয়াম
২৫ নৱেম্বৰ : কাটাৰ বনাম ছেনেগাল, সন্ধিয়া 6.30 বজা, আল টুমামা ষ্টেডিয়াম
২৫ নৱেম্বৰ : নেডাৰলেণ্ড বনাম ইকুৱেডৰ, নিশা 9.30 বজা, খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়াম
৩০ নৱেম্বৰ : ৱেলছ বনাম ইংলেণ্ড, নিশা 12.30 বজা, আল ৰিয়ান ষ্টেডিয়াম
৩০ নৱেম্বৰ : অষ্ট্ৰেলিয়া বনাম ডেনমাৰ্ক, সন্ধিয়া 8.30 বজা, আল জানুব ষ্টেডিয়াম
৩০ নৱেম্বৰ : টিউনিচিয়া বনাম ফ্ৰান্স, সন্ধিয়া 8.30 বজা, ইডুকেচন চিটী ষ্টেডিয়াম
১ ডিচেম্বৰ : পোলেণ্ড বনাম আৰ্জেণ্টিনা, পুৱা 12.30 বজা, ষ্টেডিয়াম 974
১ ডিচেম্বৰ : চৌডি আৰব বনাম মেক্সিকো, নিশা 12.30 বজা, লুচাইল ষ্টেডিয়াম
১ ডিচেম্বৰ : কানাডা বনাম মৰক্কো, নিশা 8.30 বজা, আল টুমামা ষ্টেডিয়াম
২ ডিচেম্বৰ : জাপান বনাম স্পেইন, নিশা 12.30 বজা, খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়াম
২ ডিচেম্বৰ : ঘানা বনাম উৰুগুৱে, নিশা 8.30 বজা, আল জানুব ষ্টেডিয়াম
২ ডিচেম্বৰ : দক্ষিণ কোৰিয়া বনাম পৰ্তুগাল, নিশা 8.30 বজা, ইডুকেচন চিটী ষ্টেডিয়াম
৩ ডিচেম্বৰ : কেমেৰুণ বনাম ব্ৰাজিল, নিশা 12.30 বজা, লুচাইল ষ্টেডিয়াম
৩ ডিচেম্বৰ : ছাৰ্বিয়া বনাম ছুইজাৰলেণ্ড, নিশা 12.30 বজা, ষ্টেডিয়াম 974
Round of 16
ডিচেম্বৰ 3 : গ্ৰুপ A-ৰ প্ৰথম বনাম গ্ৰুপ B-ৰ দ্বিতীয়, নিশা 8.30 বজা, খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়াম
ডিচেম্বৰ 4 : গ্ৰুপ C-ৰ প্ৰথম বনাম গ্ৰুপ D-ৰ দ্বিতীয়, নিশা 12.30 বজা, আল ৰায়ন ষ্টেডিয়াম
ডিচেম্বৰ 4 : গ্ৰুপ D-ৰ প্ৰথম বনাম গ্ৰুপ C-ৰ দ্বিতীয়, নিশা 8.30 বজা, আল টুমামা ষ্টেডিয়াম
ডিচেম্বৰ 5 : গ্ৰুপ B-ৰ প্ৰথম বনাম গ্ৰুপ A-ৰ দ্বিতীয়, নিশা 12.30 বজা, আল বায়াট ষ্টেডিয়াম
ডিচেম্বৰ 5 : গ্ৰুপ E-ৰ প্ৰথম বনাম গ্ৰুপ F-ৰ দ্বিতীয়, নিশা 8.30 বজা, আল জানুব ষ্টেডিয়াম
ডিচেম্বৰ 6 : গ্ৰুপ G-ৰ প্ৰথম বনাম গ্ৰুপ H-ৰ দ্বিতীয়, নিশা 12.30 বজা, ষ্টেডিয়াম 974
ডিচেম্বৰ 6 : গ্ৰুপ F-ৰ প্ৰথম বনাম গ্ৰুপ E-ৰ দ্বিতীয়, নিশা 8.30 বজা, ইডুকেচন চিটী ষ্টেডিয়াম
ডিচেম্বৰ 7 : গ্ৰুপ H-ৰ প্ৰথম বনাম গ্ৰুপ G-ৰ দ্বিতীয়, নিশা 12.30 বজা, লুচাইল ষ্টেডিয়াম
কোৱাৰ্টাৰ ফাইনেল
ডিচেম্বৰ 9 : মেচ 53 বনাম মেচ 54-ৰ বিজয়ী, নিশা 8.30 বজা, ইডুকেচন চিটী ষ্টেডিয়াম
ডিচেম্বৰ 10 : মেচ 49 বনাম মেচ 50-ৰ বিজয়ী, নিশা 12.30 বজাত, লুচাইল ষ্টেডিয়াম
ডিচেম্বৰ 10 : মেচ 55 বনাম মেচ 56-ৰ বিজয়ী, নিশা 8.30 বজা, আল টুমামা ষ্টেডিয়াম
ডিচেম্বৰ 11 : মেচ 52 বনাম মেচ 51-ৰ বিজয়ী, নিশা 12.30 বজা, আল বায়াট ষ্টেডিয়াম
ছেমি ফাইনেল
ডিচেম্বৰ 14 : মেচ 57 বনাম মেচ 58-ৰ বিজয়ী, নিশা 12.30 বজা, আল বায়াট ষ্টেডিয়াম
ডিচেম্বৰ 15 : মেচ 59 বনাম মেচ 60-ৰ বিজয়ী, নিশা 12.30 বজা, লুচাইল ষ্টেডিয়াম
তৃতীয় স্থানৰ প্ৰতিদ্বন্দ্বিতা
ডিচেম্বৰ 17 : মেচ 61-ৰ বিজেতা বনাম মেচ 62ৰ বিজেতা, নিশা 8.30 বজা, খলিফা ইণ্টাৰনেচনেল ষ্টেডিয়াম
চূড়ান্ত খেল
ডিচেম্বৰ 18 : মেচ 61-ৰ বিজয়ী বনাম মেচ 62-ৰ বিজয়ী, সন্ধিয়া 8.30 বজা, লুচাইল ষ্টেডিয়াম
লগতে পঢ়ক :FIFA Qatar World Cup : দুই ভৰিৰ মহাৰণৰ বাবে সাজু বিশ্বৰ ৩২ খন দেশ