ETV Bharat / sports

আইফেল গ্ৰাঁ-পিক্স : কেৰিয়াৰৰ 91 সংখ্যক জয় লেৱিছ হেমিল্টনৰ

author img

By

Published : Oct 12, 2020, 7:43 AM IST

বিশ্বৰ আগশাৰীৰ গ্ৰাঁ-পিক্স চালক তথা শীৰ্ষস্থানীয় চালক-খেলুৱৈ মাইকেল চুমাখাৰৰ অভিলেখসংখ্যক 91টা গ্ৰাঁ-পিক্সৰ সমপৰ্যায়ত উপনীত হয় চালক-খেলুৱৈ লেৱিছ হেমিল্টন ৷

আইফেল গ্ৰাঁ-পিক্স : কেৰিয়াৰৰ 91 সংখ্যক জয় লেৱিছ হেমিল্টনৰ
আইফেল গ্ৰাঁ-পিক্স : কেৰিয়াৰৰ 91 সংখ্যক জয় লেৱিছ হেমিল্টনৰ

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰ : ব্ৰিটিছ গাড়ীচালক-খেলুৱৈ লেৱিছ হেমিল্টনে নুৰবাৰ্গৰিঙত অনুষ্ঠিত হোৱা গ্ৰাঁ-পিক্সত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ৷ খেলুৱৈগৰাকীয়ে বিশ্বৰ শীৰ্ষস্থানীয় মাইকেল চুমাখাৰৰ অভিলেখসংখ্যক 91 গ্ৰাঁ-পিক্স জয়ৰ সমপৰ্যায়ত উপনীত হয় ৷

আইফেল গ্ৰাঁ-পিক্সত বিজয় সাব্যস্ত কৰিয়ে এইদৰে চুমাখাৰৰ সমপৰ্যায়ত উপনীত হয় হেমিল্টন ৷ প্ৰতিযোগিতাখনত কাৰিকৰী বিজুতিৰ পিচটো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় হেমিল্টনে ৷ ৰেড বুল মাক্স ভাৰ্ছটাপেনত মাৰ্চিডিছৰ টিমমেট ভালট্টেৰি বোট্টাছক পাঁচ ছেকেণ্ডৰ ব্যৱধানত পৰাস্ত কৰি হেমিল্টনে খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ আইফেল গ্ৰাঁ-পিক্সত তৃতীয় স্থানত থাকে ৰেনাল্টৰ ডেনিয়েল ৰিকাৰ্ডিও ৷

কেৰিয়াৰৰ 91 সংখ্যক গ্ৰাঁ-পিক্স জয় লেৱিছৰ

এই বিজয়ৰ পিচতেই হেমিল্টনে বোট্টাছৰ পৰা 69 পইন্টৰ আগত আছে ৷ খেলৰ অন্তত হেমিল্টনক তেওঁৰ পুত্ৰই এটি হেলমেট উপহাৰ হিচাপে প্ৰদান কৰে ৷

লগতে পঢ়ক : ফ্ৰান্স অপেন জয়েৰে কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামত উপনীত নাডাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.