ETV Bharat / sports

Croatia beat Japan: জাপানক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’ৱেচিয়া - FIFA world cup 2022

নিৰ্ধাৰিত খেলৰ সময়ৰ শেষত দুয়োপক্ষই ১-১ গ’লত সমতা স্থাপন কৰাৰ পিছত পেনাল্টিৰ জৰিয়তে জাপানক ৩-১ গ’লত পৰাস্ত কৰি কাটাৰত চলি থকা ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ক্ৰ’ৱেচিয়াই (Croatia crushes Japan in penalty shootout in WC) ৷

World Cup knockout
Croatia beat Japan
author img

By

Published : Dec 6, 2022, 7:46 AM IST

নিউজ ডেস্ক, 6 ডিচেম্বৰ : ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ক্ৰ’ৱেচিয়াই (Croatia in FIFA quarter final) ৷ সোমবাৰে নক্ আউট পৰ্যায়ৰ এখন খেলত পেনাল্টি শ্বুট আউটৰ দ্বাৰা জাপানৰ বিৰুদ্ধে ক্ৰ’ৱেচিয়াই ৩-১ গ’লত জয়লাভ কৰে ৷ গ’লৰক্ষক ডমিনিক লিভাকোভিচে তিনিটা পেনাল্টি কিক ৰক্ষা কৰি ২০১৮ চনৰ ৰাছিয়া বিশ্বকাপৰ ৰানাৰ্ছ আপ দলটোক কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে (Japan Croatia penalty shootout 3 to 1) ৷

চাৰি বছৰৰ আগতে ৰাছিয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰোঁতে ক্ৰ’ৱেচিয়াক নক্ আউট পৰ্যায়ত প্ৰতিটো ৰাউণ্ডতে অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছিল ৷ লগতে দুখনকৈ খেলত পেনাল্টি শ্বুট আউটৰ জৰিয়তে জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছিল দলটোৱে (FIFA world cup 2022) । এইবাৰো ক্ৰ’ৱেচিয়াক সহায় কৰিলে পেনাল্টি শ্বুট আউটে ৷ কালিৰ খেলখনত অতিৰিক্ত সময়ত জাপান আৰু ক্ৰ’ৱেচিয়া দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে । ফলত পেনাল্টি শ্বুট আউটৰ সহায় লোৱা হয় ৷

Croatia beat Japan
ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’ৱেচিয়া

ক্ৰ’ৱেচিয়াৰ গ’ল ৰক্ষক ডমিনিক লিভাকোভিচে টাকুমি মিনামিনো, কাওৰু মিটোমো আৰু মায়া যোছিডাৰ পেনাল্টি ৰক্ষা কৰিছিল ৷ শ্বুটআউটৰ পিছত উল্লাসিত ক্ৰ’ৱেচিয়া দলটোৰ পৰা বেছিভাগ প্ৰশংসা লাভ কৰাজনেই আছিল ডাইনামো জাগ্ৰেবৰ গ’লৰক্ষক ।

লগতে পঢ়ক: FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা-নেডাৰলেণ্ডৰ

জাপানে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ বিচাৰিছিল যদিও ২০০২, ২০১০ আৰু ২০১৮ চনৰ দৰেই পুনৰ নক্ আউটতে ৰৈ যায় ৷ ২০১০ চনত ১৬ ৰাউণ্ডত পেনাল্টি শ্বুট আউটত পেৰাগুৱেৰ হাতত পৰাস্ত হৈছিল এছিয়ান দলটো ।

২০১৮ চনৰ পূৰ্বে ১৯৯৮ চনতো ছেমিফাইনেলত প্ৰৱেশ কৰা ক্ৰ’ৱেচিয়াই এতিয়া পৰৱৰ্তী সময়ত ব্ৰাজিলৰ বিৰুদ্ধে খেলিব কোৱাৰ্টাৰ ফাইনেলত ।

৯০ মিনিটৰ খেলখনত জাপানৰ ডাইজেন মায়েডাই ৪৩ মিনিটত ক্ল’জ ৰেঞ্জত ছুইপ কৰি জাপানৰ হৈ এটা গ’ল কৰে । কিন্তু ৫৭ মিনিটত ক্ৰ’ৱেচিয়াৰ ইভান পেৰিচিচে পেনাল্টি স্পটৰ ওচৰৰ পৰা হেডাৰেৰে এটা গ’ল কৰি সমতা স্থাপন কৰে ।

এই ফলাফলে নিজৰ প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰ ৩৭ বছৰীয়া ক্ৰ’ৱেচিয়াৰ অধিনায়ক লুকা মড্ৰিচৰ বাবে অন্ততঃ আৰু এখন বিশ্বকাপ খেলৰ নিশ্চয়তা প্ৰদান কৰিছে । ২০১৮ চনৰ বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ হাতত পৰাজয়ৰ বাহিৰে ১৯৯৮ চনৰ পৰা বিশ্বকাপ বা ইউৰোপীয় চেম্পিয়নশ্বিপত ক্ৰ’ৱেচিয়াক সকলো নক্ আউট মেচতে অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছে ।

লগতে পঢ়ক: FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব ইংলেণ্ড-ফ্ৰান্স

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.