স্পৰ্টছ ডেস্ক, 25 ফেব্ৰুৱাৰীঃ 2022 চনত ভাৰতে আয়োজন কৰিব কমনৱেলথ শ্বু’টিং আৰু আৰ্চাৰী চেম্পিয়নশ্বিপৰ প্ৰতিযোগিতা ৷ সোমবাৰে এই কথা জানিবলৈ দিয়ে কমনৱেলথ গেমছৰ মহাসংঘই ৷ এই প্ৰতিযোগিতাত জয় লাভ কৰা সকলো প্ৰতিযোগীক 2022 চনত বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ পদক তালিকাত সন্নিৱিষ্ট কৰা হ’ব ৷
কমনৱেলথ গেমছ ফেডাৰচনে কয়, কমনৱেলথ গেমছৰ সামৰণিৰ এক সপ্তাহৰ পাচতেই কমনৱেলথ গেমছৰ পদক তালিকাত সন্নিৱিষ্ট কৰা হ’ব চণ্ডীগড়ত 2022 চনত হ’বলগীয়া শ্বুটিং আৰু আৰ্চাৰীৰ চেম্পিয়নশ্বিপৰ পদক সমূহ ৷
![চণ্ডীগড়ত 2022 চনত হ’ব শ্বুটিং আৰু আৰ্চাৰীৰ চেম্পিয়নশ্বিপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6196403_a.jpg)
বিগত বৰ্ষত ভাৰতে কমনৱেলথ গেমছৰ পৰা শ্বুটিং প্ৰতিযোগিতা বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰি শ্বুটিং চেম্পিয়নৰ আয়োজন কৰি সেই প্ৰতিযোগিতাত লাভ কৰা পদক সমূহ কৱনৱেলথ গেমছত সন্নিৱিষ্ট কৰা হ’ব বুলি প্ৰস্তাৱ দাঙি ধৰিছিল ৷ শেহতীয়াকৈ IOA ৰ এই কমনৱেলথ চেম্পিয়নশ্বিপৰ প্ৰস্তাৱক মঞ্জুৰি দিয়ে ভাৰত চৰকাৰে ৷