ETV Bharat / sports

Commonwealth Games 2022 : বেডমিন্টনত স্বৰ্ণ অৰ্জন পি ভি সিন্ধুৰ

author img

By

Published : Aug 8, 2022, 4:12 PM IST

কমনৱেলথ গেমছত পুনৰ ভাৰতৰ শিৰত আন এক স্বৰ্ণ ৷ এইবাৰ কমনৱেলথ গেমছত স্বৰ্ণ আঁজুৰি আনিলে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে(PV Sindhu won gold medal in badminton) ৷ মহিলাৰ একক শাখাত ভাৰতীয় শ্বাটলাৰ সিন্ধুৱে কানাডাৰ মিচেল লিক পৰাস্ত কৰি অৰ্জন কৰে স্বৰ্ণ পদক(PV Sindhu Clinches Elusive Singles Gold Medal) ।

Commonwealth Games 2022 PV Sindhu won gold medal in badminton
পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

স্পৰ্টছ ডেস্ক, 8 আগষ্ট : কমনৱেলথ গেমছত একক শাখাত স্বৰ্ণ পদক অৰ্জন ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৰ (CWG 2022 Women's Singles Badminton) ৷ কানাডাৰ মিচেল লিক ২১-১৫, ২১-১৩ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে ভাৰতীয় শ্বাটলাৰগৰাকীয়ে (Indian shuttler PV Sindhu CWG) । খেলখনৰ আৰম্ভনিৰে পৰা সিন্ধুৱে সুন্দৰ প্ৰদৰ্শন কৰে আৰু সহজে মেচখন দখল কৰে ।

উল্লেখ্য যে, ভাৰতীয় শ্বাটলাৰ সিন্ধুৱে চলিত কমনৱেলথ গেমছত নিজৰ অধিপত্য অব্যাহত ৰাখিছে ৷ সিন্ধুৱে এতিয়ালৈ কমনৱেলথ গেমছ 2022ৰ(Commonwealth Games 2022) কোনো খেলত পৰাস্ত হোৱা নাই । অৱশ্যে, দলীয় শাখাত ভাৰতে ৰূপৰ পদকতে ক্ষান্ত থাকিবলীয়া হয় ৷

পি ভি সিন্ধুৰ এই পদকৰ পাছতেই ভাৰতে কমনৱেলথ গেমছ 2022ত নিউজিলেণ্ডক পিছ পেলাই পদক তালিকাৰ চাৰি নম্বৰত নিজৰ স্থান সুদৃঢ় কৰিছে(India's medal tally record at Commonwealth Games) । ভাৰতে কমনৱেলথ গেমছত এতিয়ালৈ 19 টা স্বৰ্ণ, 15 ৰূপ আৰু 22 ব্ৰঞ্জৰে সৈতে মুঠ 56 টা পদত লাভ কৰিবলৈ সক্ষম হৈছে ৷ পদক তালিকাৰ শীৰ্ষত আছে আষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু কানাডা ৷

লগতে পঢ়ক : CWG 2022 Cricket : ইংলেণ্ডক হৰুৱাই প্ৰথমবাৰলৈ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.