স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ব্ৰিটিছ গ্ৰা প্ৰী ত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছয়বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা লুইছ হেমিল্টনে ৷ শনিবাৰে 91 বাৰৰ বাবে প’ল প’জিচন লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগে-লগে মাইকেল শুমাকৰৰ 91 বাৰৰ গ্ৰা প্ৰী জয়ৰ ফমুৰ্লা ৱানৰ অভিলেখৰ সমপৰ্যায় লাভ কৰিবলৈ কেৱল 5 টা জয়ৰ দূৰত্বত অৱস্থিত হৈছে ৷ হেমিল্টনে 1 মিনিট 24.303 ছেকেণ্ডত এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৷
-
Another impressive performance, another @pirellisport Pole Position Award for @LewisHamilton 👏#BritishGP 🇬🇧 #F1 pic.twitter.com/n3xoHQcXMn
— Formula 1 (@F1) August 1, 2020 " class="align-text-top noRightClick twitterSection" data="
">Another impressive performance, another @pirellisport Pole Position Award for @LewisHamilton 👏#BritishGP 🇬🇧 #F1 pic.twitter.com/n3xoHQcXMn
— Formula 1 (@F1) August 1, 2020Another impressive performance, another @pirellisport Pole Position Award for @LewisHamilton 👏#BritishGP 🇬🇧 #F1 pic.twitter.com/n3xoHQcXMn
— Formula 1 (@F1) August 1, 2020
ছিলভাৰ ষ্ট’ন চাৰ্কিটত সাতবাৰৰ বাবে জয়ী হৈ এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে হেমিল্টনে ৷ ঘৰুৱা ইভেণ্টত সাতবাৰৰ বাবে প’ল প’জিচন লাভ কৰা প্ৰথমগৰাকী চালক হৈছে হেমিল্টন ৷
আনহাতে মাৰ্চেডীজ দলৰ চালক ৱালটেৰী ব’টাছেও পুনৰ ব্ৰিটিছ গ্ৰা পীৰ কোৱালিফাইং ৰেচত প’ল প’জিচন লাভ কৰিবলৈ সক্ষম হয় ৷
-
Career pole No. 9️⃣1️⃣ for Lewis Hamilton 💪
— Formula 1 (@F1) August 1, 2020 " class="align-text-top noRightClick twitterSection" data="
Mercedes' 8️⃣th consecutive pole at Silverstone - an all-time F1 record for any track! 🔥 #BritishGP 🇬🇧 #F1 pic.twitter.com/O03s9OduNL
">Career pole No. 9️⃣1️⃣ for Lewis Hamilton 💪
— Formula 1 (@F1) August 1, 2020
Mercedes' 8️⃣th consecutive pole at Silverstone - an all-time F1 record for any track! 🔥 #BritishGP 🇬🇧 #F1 pic.twitter.com/O03s9OduNLCareer pole No. 9️⃣1️⃣ for Lewis Hamilton 💪
— Formula 1 (@F1) August 1, 2020
Mercedes' 8️⃣th consecutive pole at Silverstone - an all-time F1 record for any track! 🔥 #BritishGP 🇬🇧 #F1 pic.twitter.com/O03s9OduNL
লুইছ হেমিল্টনে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে মাৰ্চেডীজ দলৰ চালক ৱালটেৰী ব’টাছ দ্বিতীয় আৰু ৰেডবুলৰ মেক্স ৱেৰষ্টাপ্পেনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৷ আনহাতে ফৰাৰীৰ চাৰ্লছ লেকলেৰ্ক চতুৰ্থ স্থান লাভ কৰে ৷
লগতে চাওক-2021 ত বিশ্বকাপ জয়ৰ লক্ষ্য : মিতালী ৰাজ