ETV Bharat / sports

বক্সাৰ শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইক লৈ আশাবাদী মুখ্য প্ৰশিক্ষক - 2020 টকিঅ’ অলিম্পিক

অসমৰ দুই বক্সাৰ শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইৰ পৰা 2020 টকিঅ’ অলিম্পিকত উন্নত খেলৰ আশা কৰিছে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক শান্তিয়াগ’ নেইভাই । টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰাৰ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হ'লেই অসমৰ এই দুই বক্সাৰে দেশৰ বাবে মেডেল আনিবলৈ সক্ষম হ'ব বলি মন্তব্য কৰে নেইভাই ।

বক্সাৰ শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইক লৈ আশাবাদী মুখ্য প্ৰশিক্ষক
author img

By

Published : Oct 19, 2019, 11:55 PM IST

Updated : Oct 20, 2019, 3:37 PM IST

গুৱাহাটী,19 অক্টোবৰ: গুৱাহাটীৰ ছাই কমপ্লেক্সত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে বক্সিং কৰ্মশালা। উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে বক্সিং কৰ্মশালা ৷ এই কৰ্মশালাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বক্সিং খেলৰ লগত জড়িত ৰেফাৰী আৰু বক্সিং খেল পৰিচালনা কৰা অন্যান্য ব্যক্তি সকলক কেনেদৰে এখন খেল সঠিকভাৱে পৰিচালনা কৰা হয় এই বিষয়ে প্ৰশিক্ষণ দিয়া হয় ৷

গুৱাহাটীৰ ছাই কমপ্লেক্সত বক্সিং কৰ্মশালা

এই কৰ্মশালাতে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক শান্তিয়াগ’ নেইভাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে। কৰ্মশালাৰ প্ৰথম দিনা এক সংবাদমেল অনুষ্ঠিত কৰি শান্তিয়াগ’ নেইভাৰে কয় ভাৰতবৰ্ষত বক্সিঙৰ ভৱিষ্যত উজ্জ্বল। ভাৰতৰ বক্সাৰ সকল যথেষ্ট প্ৰতিভাশালী ৷ উত্তৰ পূৰ্বাঞ্চলত কেইবাগৰাকী প্ৰতিভাৱান বক্সাৰ আছে । বিশেষকৈ অসমৰ শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইৰ ভাৰতীয় বক্সিং খেলক অধিক আগুৱাই নিয়াৰ প্ৰতিভা আছে ।

মুখ্য প্ৰশিক্ষক গৰাকীয়ে 2020 চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক খেলত শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইয়ে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হ’লেই দুয়োগৰাকীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে শান্তিয়াগ’ নেইভাই ।

অৱশ্যে টকিঅ’ অলিম্পিকত বক্সিঙৰ 60 কেজিৰ শাখা আতৰাই দিয়াৰ ফলত শিৱ থাপাই 63 শাখাত অংশগ্ৰহণৰ বাবে যোগ্যতা অর্জন কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে শান্তিয়াগ’ নেইভাৰে ৷

Intro:অসমৰ দুই বক্সাৰ শিৱ থাপা আৰু লাভলীন বুঢ়াগোহাঁইৰ পৰা ২০২০ৰ টকীও অলম্পিকত উন্নত খেলৰ আশা বক্সিঙ ফেডাৰেচন অফ ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক শান্তিগ নেইভাৰ। টকীও অলম্পিকত অংশগ্ৰহণ কৰাৰ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হ'লে অসমৰ এই দুই বক্সাৰে দেশৰ বাবে মেডেল আনিবলৈ সক্ষম হ'ব।

Body:গুৱাহাটীৰ ছাই কম্প্লেক্সত আজিৰ পৰা অনুষ্ঠিত হৈছে বক্সকিং কৰ্মশালা। উত্তৰ পূৰ্বাঞ্চকত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই কৰ্মশালাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বক্সিঙ খেলৰ লগত জড়িত ৰেফাৰী আৰু বক্সিঙ খেল পৰিচালনা কৰা অন্যান্য ব্যক্তি সকলক এখন খেল কিদৰে সঠিকভাৱে পৰিচালনা কৰা হয় এই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই কৰ্মশালাত বক্সিঙ ফেডাৰেচন অফ ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক শান্তিগ নেইভাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে। আজি কৰ্মশালাৰ প্ৰথম দিনা এক সংবাদমেল অনুষ্ঠিত কৰি শান্তিগ নেইভাৰে কয় ভাৰতবৰ্ষত বক্সিঙৰ ভৱিষ্যত উজ্জ্বল। ভাৰতৰ বক্সাৰ সকল যথেষ্ট প্ৰতিভাশালী। উত্তৰ পূৰ্বাঞ্চলত কেইবাগৰাকী প্ৰতিভাবান বক্সাৰ আছে। বিশেষকৈ অসমৰ শিৱ থাপা আৰু লাভলীন বুঢ়াগোহাঁইৰ ভাৰতীয় বক্সিঙ খেলক অধিক আগুৱাই নিয়াৰ প্ৰতিভা আছে। মুখ্য প্ৰশিক্ষক গৰাকীয়ে ২০২০ চনত জাপানৰ টকীওত অনুষ্ঠিত হ'বলগা অলম্পিক খেলত শিৱ থাপা আৰু লাভলীন বুঢ়াগোহাঁইয়ে অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হয় তেন্তে এই দুয়োগৰাকী খেলুৱৈৰ পৰা মেডেল আশা কৰিব পাৰি। প্ৰথমে অসমৰ এই দুয়োগৰাকী খেলুৱৈয়ে অলম্পিক খেলাৰ যোগ্যতা অর্জন কৰিব লাগিব।

বাইট : শান্তিগ নেইভাৰ, মুখ্য প্ৰশিক্ষক, বক্সিঙ ফেডাৰেচন অফ ইণ্ডিয়া

Conclusion:টকীও অলিম্পিকত বক্সিঙৰ ৬০ কেজিৰ শাখাটো আঁতৰাই দিয়াৰ ফলত শিৱ থাপাই ৬৩ শাখাত অংশগ্ৰহণৰ বাবে যোগ্যতা অর্জন কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰি শান্তিগ নেইভাৰে কয় ৬৩ কেজি শাখাৰ বাবে শিৱ থাপা যদি কিছু কনিষ্ঠ, শিৱ থাপা অতিকৈ প্ৰতিভাবান বক্সাৰ।
Last Updated : Oct 20, 2019, 3:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.