স্পৰ্টছ ডেস্ক, ২৩ মে': ভাগ্য সলনি হোৱাৰ দিশে অগ্ৰসৰ বিহাৰৰ এগৰাকী যুৱতীৰ জীৱন । কোনেও নাজানে কাৰ, কেতিয়া, কেনেকৈ সলনি হৈ যায় ভাগ্য ? তেনে এক সোণালী সুযোগ আহি পৰিছে এগৰাকী ১৫ বছৰীয়া যুৱতীৰ জীৱনলৈ । বিহাৰৰ জ্যোতি কুমাৰী নামৰ যুৱতীগৰাকীক শেহতীয়াকৈ ভাৰতীয় চাইকেলিং ফেডাৰেচনৰ ফালৰ পৰা লাভ কৰিছে ট্ৰাইলৰ আমন্ত্ৰণ । আগন্তুক মাহত ট্ৰাইলৰ বাবে দিল্লীলৈ মাতি পঠিওৱা হৈছে যুৱতীগৰাকীক ।
![ট্ৰাইলৰ বাবে আমন্ত্ৰণ চাইকেলিং ফেডাৰেচনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7311309_2.jpg)
উল্লেখ্য় যে, শেহতীয়াকৈ ছ'চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিল ১৫ বছৰীয়া যুৱতী জ্যোতি কুমাৰীয়ে । আঘাতপ্ৰাপ্ত পিতৃক চাইকেলত বহুৱাই গুৰুগাঁৱৰ পৰা বিহাৰলৈ চাইকেল চলাই প্ৰায় ১২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি নিজ গৃহভূমিলৈ লৈ আহিছিল যুৱতীগৰাকীয়ে । এই খবৰ বিয়পি পৰাৰ পাচতেই ভাৰতীয় চাইকেল ফেডাৰেচনে ট্ৰায়েলৰ বাবে মাতি পঠিয়াই যুৱতীগৰাকীক ।
![ট্ৰাইলৰ বাবে আমন্ত্ৰণ চাইকেলিং ফেডাৰেচনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7311309_3.jpg)
এই সন্দৰ্ভত ফেডাৰেচনৰ অধ্যক্ষ অনকাৰ সিঙে কয়, যদি অষ্টম শ্ৰেণীত অধ্যয়নৰত জ্যোতি কুমাৰীয়ে ট্ৰাইলত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় তেন্তে আইজিআই ষ্টেডিয়াম কমপ্লেক্সত অত্যাধুনিক প্ৰযুক্তিৰে পৰিপূৰ্ণ নেশ্যনেল চাইকেলিং একাডেমিত প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰা হ'ব । এই একাডেমী হৈছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অন্তৰ্গত । লগতে এছিয়াৰ আইটাইতকৈ অত্যাধুনিক সুবিধাযুক্ত ইউচিআই স্বীকৃতপ্ৰাপ্ত একাডেমী ।
![Bihar teenage girl who cycled 1,200km with injured father offered trial by cycling federation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7298431_jkd.jpg)
যুৱতীগৰাকীক অহা মাহত লকডাউন পৰি-সমাপ্তি হোৱাৰ পাচতেই দিল্লীলৈ ট্ৰায়েলৰ বাবে মাতি পঠিওৱা হৈছে । অহা যোৱা, থকা-মেলাৰ সকলো খৰচ বহন কৰিব ভাৰতীয় চাইকেলিং ফেডাৰেচনে । আনহাতে পৰিয়ালৰ অন্য় কোনো সদস্য়ক লগত লৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিলেও যুৱতীগৰাকীয়ে আনিব পাৰিব বুলি উল্লেখ কৰা হৈছে ।
উল্লেখ্য় যে, এনেদৰে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পোৱা জ্যোতি কুমাৰীয়ে প্ৰথমগৰাকী ব্য়ক্তি নহয় । ইয়াৰ পূৰ্বে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চালাভ কৰা কেৰালাৰ দৌৰবিদ শ্ৰীনিৱাস গাৱডাকো ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনাইছিল ৷
ভাৰতীয় চাইকেলিং ফেডাৰেচনৰ অধ্যক্ষ সিঙে ইয়াৰ ওপৰি কয়, যুৱতীগৰাকীৰ কিছু বিশেষত্ব আছে । ১২০০ কিলোমিটাৰ চাইকেলিং কৰা কোনো সহজ কথা নহয় । তাইৰ অৱশ্যেই শক্তি আৰু শাৰীৰিক সহনশীলতা থাকিব লাগিব । আমি তাৰে এটি পৰীক্ষা কৰিব বিচাৰিছো ।
জ্যোতিৰ পিতৃ মোহন পাচৱান গুৰুগাঁৱত অটোৰিক্সা চালক হিচাপে কৰ্মৰত অৱস্থাতে আঘাতপ্ৰাপ্ত হৈছিল । তাৰ মাজতেই লকডাউন ঘোষণা হোৱাৰ ফলত আঘাতপ্ৰাপ্ত পিতৃৰ আয়ৰ সকলো পথ বন্ধ হৈ পৰিছিল । যাৰ বাবে মালিকক অটোৰিক্সাখন ঘূৰাই দিব লগা হয় । পিচত গুৰগাঁৱৰ পৰা ১০ মে'ত জীয়ৰী আৰু পিতৃয়ে যাত্ৰা আৰম্ভ কৰে আৰু গৃহভূমি বিহাৰত ১৬ মে'ত আহি উপস্থিত হয় ।