স্পৰ্টছ ডেস্ক, 8 আগষ্টঃ বিবাহৰ বান্ধোনত বান্ধ খাব বিশ্বৰ এক নম্বৰৰ মল্লযুঁজাৰু খেলুৱৈ ভাৰতৰ বজৰং পুনীয়া আৰু নেশ্বন্যেল চেম্পিয়ন সংগীতা ফ’গাট ৷ 2020 টকিঅ’ অলিম্পিকৰ পাচতেই বিবাহত বহিব দুয়োখেলুৱৈ ৷ উল্লেখ্য যে, 59 কিলোগ্ৰাম শাখাত নেশ্বন্যেল মল্লযুঁজাৰু চেম্পিয়ন হৈছে সংগীতা ফ’গাট ৷
বিগত তিনি বছৰ ধৰি দুয়োৰে মাজত চলি আহিছে প্ৰেম সমন্ধ ৷ এতিয়া দুয়োৰে বিবাহৰ কথা স্পষ্ট কৰিছে সংগীতাৰ পিতৃ মহাবিৰ ফ’গাটো ৷ পিতৃয়ে কয়, দুয়োৰে পচন্দ আৰু অনুভৱক আমি সন্মান কৰিছো ৷