ETV Bharat / sports

ড'পিঙৰ ইতিবাচক ফলাফলৰ বাবে দুবছৰলৈ নিষিদ্ধ ছাইনা

author img

By

Published : Nov 16, 2020, 10:34 PM IST

ছাইনাই ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ লগতে বিশ্ব ছেম্পিয়নশ্বিপ ৰিলেত চাৰিবাৰ পদক অৰ্জন কৰিছিল ৷

australian swimmer shayna jack banned 2 years in doping case
ড'পিঙৰ ইতিবাচক ফলাফলৰ বাবে দুবছৰলৈ নিষিদ্ধ ছাইনা

স্পৰ্টছ ডেস্ক, 16 নৱেম্বৰ : অষ্ট্ৰেলিয়াৰ সাতোৰবিদ ছাইনা জেকক সোমবাৰে দুৰ্ঘটনাজনিত ড'পিঙৰ বাবে দোষী সাব্যস্ত কৰা হয় আৰু দুবছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হয় ৷ খেলুৱৈগৰাকীৰ এই নিষেধাজ্ঞা টকিঅ' অলিম্পিক আৰম্ভ হোৱাৰ কেইদিনমান পূৰ্বে শেষ হ’ব ৷ ক্ৰীড়াৰ বাবে গঠিত বিশেষ ন্যায়ালয়ে ছাইনা জেকে ভুলবশত নিচাজাতীয় সামগ্ৰী সেৱন কৰাৰ কথা উল্লেখ কৰে ৷ জেকে এই ৰায়ক প্ৰত্যাহ্বান জনায় চিএএছত পৃথক আপীল কৰিব পাৰে ।

উল্লেখ্য যে, ছাইনা জেক ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ লগতে বিশ্ব ছেম্পিয়নশ্বিপ ৰিলেত চাৰিবাৰ পদক অৰ্জন কৰিছিল ৷ ছাইনাৰ এই নিষেধাজ্ঞা ১১ জুলাই ২০২১লৈ বাহাল থাকিব ৷ ট’কিঅ অলিম্পিকৰ দুসপ্তাহৰ পূৰ্বে শেষ হ’ব ছাইনাৰ এই নিষেধাজ্ঞা ৷ ছাইনাই জুন 2019ত এখন প্ৰতিযোগিতাৰ পূৰ্বে ড’পিৰ ইতিবাচক পৰীক্ষা কৰিছিল আৰু ইয়াৰ পাছতেই অষ্ট্ৰেলিয়াৰ দলৰ পৰা নিলম্বন কৰা হৈছিল খেলুৱৈগৰাকীক ।

লগতে পঢ়ক: এটিপি ফাইনেলছৰ প্ৰথম মেচত জয় সাব্যস্ত নাডালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.