নিউজ ডেস্ক, 30 মাৰ্চ: টাইপেইৰ টাওয়ুৱানত অনুষ্ঠিত 12 সংখ্যক এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত ভাৰতে আধিপত্য অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে অনুষ্ঠিত মেচত ভাৰতৰ হৈ মনু ভাকেৰ আৰু সৌৰভ চৌধাৰীয়ে দুটাকৈ স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ৷ তৃতীয় দিনাৰ খেলত মনুৱে 10 মিটাৰ এয়াৰ পিষ্টল মহিলা শাখাত আৰু সৌৰভে দলীয় শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও দুয়োজন ভাৰতীয় খেলুৱৈয়ে নিজ নিজ শাখাত একোটাকৈ স্বৰ্ণ অৰ্জন কৰিছে ৷
অভিষেক বৰ্মাইও 10 মিটাৰ এয়াৰ পিষ্টল পুৰুষ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে দলীয় শাখাত মহিলা দলেও এটা ব্ৰঞ্জ জয় কৰিছে ৷ ইয়াৰ ফলত ভাৰতে বৰ্তমানলৈকে 5 টা স্বৰ্ণ, 3 টা ৰূপ আৰু 1 টা ব্ৰঞ্জ পদক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷