স্পৰ্টছ ডেস্ক,২৯ অক্টোবৰ : ক্ৰীড়া আৰু খেলুৱৈৰ প্ৰতি থকা সমৰ্থন আৰু শ্ৰদ্ধা পুনৰ এবাৰ প্ৰমাণ কৰিলে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই । পূৰ্বৰ দৰে এইবাৰো আনন্দ মহিন্দ্ৰাই ক্ৰীড়া প্ৰতিভাক সন্মান জনোৱা দেখা গৈছে । এছিয়ান পেৰা গেমছত নিজৰ প্ৰতিভাৰে দেশবাসীক গৌৰৱান্বিত কৰা আৰ্চাৰ শীতল দেৱীক আনন্দ মহিন্দ্ৰাৰ এখন বিশেষ বাহন উপহাৰ । খেলুৱৈগৰাকীক তেওঁৰ কোম্পানীৰ যিকোনো এখন বাহন বাছনি কৰিবলৈ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই । আনহাতে পেৰা ক্ৰীড়াবিদগৰাকীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বাহনখন ম'ডিফাই বা সংশোধন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষই ।
উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত এছিয়ান পেৰা গেমছত আৰ্চাৰ শীতল দেৱীয়ে বিভিন্ন শ্ৰেণীৰ আৰ্চাৰ প্ৰতিযোগিতাত ভাৰতৰ হৈ ৩টা পদক (দুটা সোণ, এটা ৰূপ) অৰ্জন কৰে । খেলুৱৈগৰাকীৰ প্ৰতিভা আৰু পৰিশ্ৰমত মুগ্ধ হৈ আনন্দ মহিন্দ্ৰাই সামাজিক মাধ্যমত শীতলৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰে ।
-
I will never,EVER again complain about petty problems in my life. #SheetalDevi you are a teacher to us all. Please pick any car from our range & we will award it to you & customise it for your use. pic.twitter.com/JU6DOR5iqs
— anand mahindra (@anandmahindra) October 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">I will never,EVER again complain about petty problems in my life. #SheetalDevi you are a teacher to us all. Please pick any car from our range & we will award it to you & customise it for your use. pic.twitter.com/JU6DOR5iqs
— anand mahindra (@anandmahindra) October 28, 2023I will never,EVER again complain about petty problems in my life. #SheetalDevi you are a teacher to us all. Please pick any car from our range & we will award it to you & customise it for your use. pic.twitter.com/JU6DOR5iqs
— anand mahindra (@anandmahindra) October 28, 2023
ভিডিঅ'টো শ্বেয়াৰ কৰি মহিন্দ্ৰাই কয় যে তেওঁ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস । জীৱনত অহা সমস্যাবোৰ উল্লেখ নকৰাকৈয়ে শীতলে যিধৰণে পদক অৰ্জন কৰিছে সেয়া দেখি মুগ্ধ হৈ পৰিছে মহিন্দ্ৰা । দুয়োখন হাত নথকা স্বত্বেও আৰ্চাৰ শীতল দেৱীয়ে দুটা সোণৰ পদক লাভ কৰি অভিলেখ গঢ়িছে । মহিলাৰ ব্যক্তিগত শ্ৰেণীৰ ফাইনেলত তেওঁ আলিম শ্বাহিদাক পৰাস্ত কৰে আৰু স্বৰ্ণ জয় কৰে আৰু যুটীয়া দলতো তেওঁ সোণৰ পদক লাভ কৰে ।
উল্লেখ্য যে জম্মু-কাশ্মীৰৰ এই আৰ্চাৰগৰাকী একেখন খেলতে দুটা সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ইফালে আৰ্চাৰ শীতল দেৱীয়ে মহিলাৰ ডাবলছত ৰূপৰ পদক লাভ কৰে ।
সচৰাচৰ আৰ্চাৰসকলে এখন হাতেৰে ধনু ধৰি আনখন হাতেৰে কাড়বোৰ মাৰি পঠিয়ায় । কিন্তু শীতল পেৰা খেলুৱৈ আৰু তেওঁ দুখন হাত অবিহনে কাড় নিক্ষেপ কৰে । দুখন হাত হেৰুওৱা স্বত্বেও জম্মু-কাশ্মীৰৰ এই খেলুৱৈগৰাকীয়ে ভৰি ব্যৱহাৰ কৰি পদক লাভ কৰিছে ।
লক্ষণীয়ভাৱে আৰ্চাৰ শীতল দেৱী বিশ্বৰ একমাত্ৰ খেলুৱৈ যি বৰ্তমান দুয়োখন হাত অবিহনে প্ৰতিদ্বন্দিতা কৰি আছে । ষোল্ল বছৰীয়া শীতলে আৰ্চাৰক আঁকোৱালি লোৱাটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল । দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা শীতল 'ফকোমেলিয়া' নামৰ ৰোগত আক্ৰান্ত হৈ দুয়োখন হাত হেৰুৱাইছিল । অৱশ্যে, তেওঁ লাহে লাহে ভৰিৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল । ভাৰতীয় সেনাই আয়োজন কৰা এক ক্ৰীড়া শিবিৰত অংশগ্ৰহণ কৰাৰ পাছত তেওঁৰ জীৱনত পৰিৱৰ্তন আহিছিল ।
আৰ্চাৰৰ প্ৰতি আগ্ৰহী হোৱা শীতলে প্ৰশিক্ষক কুলদীপ বেদৱানৰ তত্বাৱধানত প্ৰাথমিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু হাত অবিহনে ভৰি ব্যৱহাৰ কৰি কাড় বা তীৰ নিক্ষেপ কৰিবলৈ অনুশীলন কৰিছিল ।
তেওঁ লাহে লাহে সাধাৰণ আৰ্চাৰসকলৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ আৰম্ভ কৰে । গুজৰাটত অনুষ্ঠিত ১৮ অনুৰ্ধৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ শক্তি প্ৰদৰ্শন কৰিছিল । চেক গণৰাজ্যত ইউৰোপীয় পেৰা আৰ্চাৰী কাপত ৰূপৰ পদক জয় কৰাটোৱে শীতলৰ আত্মবিশ্বাস আৰু বৃদ্ধি কৰিছিল ।
একেদৰে আৰ্চাৰগৰাকীয়ে পিলচেনত অনুষ্ঠিত বিশ্ব পেৰা চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল । ২০১২ চনৰ পেৰালিম্পিকত ৰূপৰ পদক জয় কৰা আমেৰিকান আৰ্চাৰ মেট ষ্টুটজমেনে শীতলক অনুপ্ৰাণিত কৰিছিল ।
তাৰ পাছতে আৰ্চাৰ শীতল দেৱীয়ে তেওঁৰ কৌশল উন্নত কৰে । এছিয়ান পেৰা গেমছত তিনিটা পদক জয়ৰ পাছত শীতলে ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকতো পদক জয়ৰ সপোন দেখিছে ।
লগতে পঢ়ক :ICC World Cup 2023: লক্ষ্ণৌত ভাৰতৰ মুখামুখি ইংলেণ্ড: আৰম্ভণিতে বেটিং বিপৰ্যয় ভাৰতৰ