ETV Bharat / sports

ফুটবল খেলত মাৰপিট, ১২৯ গৰাকীৰ মৃত্যু - ফুটবল খেলত মাৰপিট

ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশৰ ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে । ফুটবল খেলৰ অন্তত হোৱা প্ৰচণ্ড উত্তেজনাময় পৰিৱেশৰ মাজত ১২৯ গৰাকী লোকৰ মৃত্যু (129 football fans died)। বহু দৰ্শকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

Football
ফুটবল খেলত মাৰপিট
author img

By

Published : Oct 2, 2022, 11:05 AM IST

স্পৰ্টছ ডেস্ক,২ অক্টোবৰ : ইণ্ডোনেছিয়াত বিশ্ব ক্ৰীড়াক উদ্বিগ্ন কৰি তোলা এক ঘটনা সংঘটিত হৈছে (Panic during Indonesian soccer match)। খেলপথাৰ পৰিণত হৈছে যুদ্ধক্ষেত্ৰলৈ । ফুটবল খেলৰ পাছতে দৰ্শকৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ অন্তত প্ৰায় ১২৯ গৰাকী লোক নিহত (129 football fans dead in Indonesia)।

ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশৰ মালাং চহৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা । কাঞ্জুৰুহান ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ইণ্ডোনেছিয়াৰ প্ৰিমিয়াৰ লীগৰ এখন গুৰুত্বপূৰ্ণ খেল । পাৰ্চেবায়া সুৰাবায়াই আৰু ঘৰুৱা দল আৰেমা মালাঙৰ মাজত অনুষ্ঠিত হৈছিল ফুটবল খেলখন । য'ত ঘৰুৱা দলটো ৩-২ গলৰ ব্যৱধানত পৰাস্ত হয় ।

জানিব পৰা মতে ঘৰুৱা দলটো পৰাস্ত হোৱাৰ লগেলগে একাংশ দৰ্শকে উত্তেজনাৰ সৃষ্টি কৰে । একাংশ দৰ্শক খেলপথাৰলৈ ওলাই আহি বিভিন্ন ধৰণে আক্ৰমণ কৰে (Fight between football fans in Indonesia)। উত্তেজিত সমৰ্থকসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰাত আনকি আৰক্ষীয়ে খেলপথাৰলৈ গৈ উত্তেজিক দৰ্শকসকলক দমন কৰিবলগীয়া হয় ।

এনে পৰিস্থিতিত খেলপথাৰত দৰ্শক আৰু আৰক্ষীৰ মাজতো প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয় । সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা এটা ভিডিঅ'ত দেখাৰ দৰে খেলপথাৰখন কন্দুৱা গেছৰ ধোঁৱাই আৱৰি ধৰে । ইফালে শ শ লোক খেলপথাৰ এৰি পলায়নৰ চেষ্টা কৰে । তেনে এক বিশৃংখল পৰিৱেশৰ মাজত অনুৰাগীৰ মাজত হেতা-ওপৰা লাগে য'ত বহু লোক আঘাতপ্ৰাপ্ত হয় ।

জানিব পৰা মতে উক্ত স্থানতে ৩০ৰো অধিক লোক মৃত্যুমুখত পৰে । আনহাতে ৩০০ৰো অধিক আঘাতপ্ৰাপ্ত লোকক হাস্পতালত ভৰ্তি কৰোৱা হয় । অৱশ্যে তাৰ ভিতৰতো বহু সংখ্যকৰ হাস্পতালত মৃত্যু হয় । মৃতকৰ সংখ্যা ১২৯ গৰাকীলৈ বৃদ্ধি হোৱাৰ কথা জানিব পৰা গৈছে ।

এই ঘটনাত প্ৰায় ১৮০ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে । এই ঘটনাৰ খবৰ ইতিমধ্যে সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ লগে লগে তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে । ক্ৰীড়াপ্ৰেমীসকল মৰ্মাহত হোৱা দেখা গৈছে ।

লগতে পঢ়ক :Road Safety World Series : ফাইনেলত ভাৰত লিজেণ্ডছ বনাম শ্ৰীলংকা লিজেণ্ডজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.