নিউজ ডেস্ক, ১২ মাৰ্চ: ফ্ৰান্স দলৰ প্ৰাক্তন ফুটবল খেলুৱৈ জিনেদাইন জিদানক ১০ মাহৰ পাছত পুনৰ ৰিয়েল মাদ্ৰিদৰ মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে । চেম্পিয়নছ লীগৰ ৩ বাৰৰ চেম্পিয়ন ৰিয়েল মাদ্ৰিদে টুৰ্ণামেন্টৰ পৰা বাহিৰ হোৱাৰ পাছত ছান্টিয়াগো ছলাৰিৰ পৰিৱৰ্তে জিদানক নিযুক্তি দিয়া হয় ।
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/images/2668934_1049_738fb92f-5496-441d-9f39-d9d3c44c5c65.png)
উল্লেখ্য যে, ১০ মাহ পূৰ্বেহে ক্লাৱটো এৰি গৈছিল জিদানে । ইয়াৰ পূৰ্বৰ কাৰ্যকালত তেওঁ ৰিয়েল মাদ্ৰিদক লা লিগা, স্পেনিছ ছুপাৰ কাপ আৰু তিনিবাৰৰ চেম্পিয়নছ লীগ প্ৰদান কৰাত প্ৰধান ভূমিকা পালন কৰিছিল ।