ETV Bharat / sports

বুণ্ডেছলীগা : বৰুছিয়া ডৰ্টমুণ্ডৰ বৃহৎ জয়,ছাঞ্চোৰ প্ৰথমটো হেট-ট্ৰিক

author img

By

Published : Jun 1, 2020, 3:28 PM IST

বুণ্ডেছলীগাত পাডেৰব'ৰ্ণৰ বিৰুদ্ধে বৃহৎ জয় বৰুছিয়া ডৰ্টমুণ্ডৰ । 6-1 গ'লত জয় লাভ বৰুছিয়া ডৰ্টমুণ্ডৰ । হেট-ট্ৰিক অৰ্জন কৰা ছাঞ্চোৰ প্ৰথমটো গ'ল কৰাৰ পাচতেই জাৰ্ছী খুলি টি-চাৰ্টত হস্ত লিখিত "জাষ্টিছ ফৰ্ জৰ্জ ফ্লয়েড" বাৰ্তা প্ৰেৰণ ।

Sancho scores first hat-trick as Borussia Dortmund thrash Paderborn 6-1

স্পৰ্টছ ডেস্ক, 1 জুন : দেওবাৰে বুণ্ডেছলীগাত অনুষ্ঠিত হয় এক ৰোমাঞ্চকৰ মেচ । জাডন ছাঞ্চোৰ হেট-ট্ৰিকৰ বিনিয়মত পাডেৰব'ৰ্ণৰ (Paderborn) বিৰুদ্ধে বৃহৎ জয় লাভ বৰুছিয়া ডৰ্টমুণ্ড (Borussia Dortmund)ৰ । বিগত সপ্তাহত বায়েৰ্ণ মিউনিখৰ হাতত পৰাজয়ৰ পাচত শক্তিশালী প্ৰত্যাৱৰ্তন বৰুছিয়া ডৰ্টমুণ্ড ফুটবল দলটোৰ । মেচখনত পাডেৰব'ৰ্ণক 6-1 গ'লত ধৰাশায়ী কৰিবলৈ সক্ষম হয় বৰুছিয়া ডৰ্টমুণ্ড দলটোৱে । মেচখনত পোন প্ৰথমবাৰৰ বাবে হেট-ট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছে বৰুছিয়া ডৰ্টমুণ্ডৰ খেলুৱৈ জাডন ছাঞ্চোৱে ।

বুণ্ডেছলীগাত বৰুছিয়া ডৰ্টমুণ্ডৰ বৃহৎ জয়

উল্লেখ্য যে, আমেৰিকাত জৰ্জ ফ্লয়েড নামৰ এজন কৃষ্ণাংগ লোকক আৰক্ষী বিষয়াৰ দ্বাৰা হত্য়া কৰাৰ প্ৰতিবাদত মেচখনত প্ৰথমটো গ'ল কৰিয়ে বৰুছিয়া ডৰ্টমুণ্ডৰ জাডন ছাঞ্চো নামৰ খেলুৱৈগৰাকীয়ে নিজৰ জাৰ্ছী খুলি টি-শ্বাৰ্টত হস্ত লিখিত "জাষ্টিছ ফৰ্ জৰ্জ ফ্লয়েড" এক বাৰ্তা প্ৰেৰণ কৰে ।

অৱশ্যে খেলৰ মাজতেই জাৰ্ছী খুলি দিয়াৰ বাবদ হালধীয়া কাৰ্ডৰ সন্মুখীন হ'বলগীয়া হৈছিল খেলুৱৈগৰাকী । অৱশ্যে 85 মিনিটত ছাঞ্চোৰ চতুৰ্থটো গ'লত জাৰ্ছী খুলি এই বাৰ্তা প্ৰেৰণ কৰে দলৰ সতীৰ্থ খেলুৱৈ আশ্ৰফ হাকিমিয়ে । বুণ্ডছলীগাত দেওবাৰে ২৯ সংখ্য়ক ৰাউণ্ড মেচ অনুষ্ঠিত হৈছিল । য'ত 6-1 গ'লত জয় লাভ কৰিবলৈ সক্ষম হয় বৰুছিয়া ডৰ্টমুণ্ড দলটো ।

লগতে চাওকঃ মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত প্ৰায় এহেজাৰ শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.