ETV Bharat / sports

ব্ৰাজিলৰ পাৰ্টিৰ সৈতে নেইমাৰ জড়িত নথকাৰ দাবী মুখপাত্ৰৰ - নেইমাৰে ভাড়ালৈ লোৱা এখন এয়াৰ ফিল্ড

নেইমাৰে প্ৰায় 150 গৰাকী অতিথিৰ সৈতে নতুন বছৰ উপলক্ষে এক সপ্তাহৰ বাবে পাৰ্টিৰ আয়োজন কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ যাকে লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ সমালোচনাৰ ৷ ইয়াৰ পাছতে নেইমাৰৰ প্ৰতিনিধি সকলে খেলুৱৈগৰাকীক এই সমালোচনাৰ পৰা আঁতৰত ৰখাৰ চেষ্টা কৰিছে ৷

Watch: Neymar representatives deny links to big Brazil party
ব্ৰাজিলৰ পাৰ্টিৰ সৈতে নেইমাৰ জড়িত নথকাৰ দাবী মুখপাত্ৰৰ
author img

By

Published : Dec 31, 2020, 6:09 PM IST

নিউজ ডেস্ক, 31 ডিচেম্বৰ : কৰ‘ণা মহামাৰীৰ বাবে বিশ্বজুৰি হৈ থকা মৃত্যু আৰু সংক্ৰমণৰ ফলত বহু সংখ্যক খেলুৱৈয়ে সংবেদনশীলতা প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই প্ৰশাসনৰ নিৰ্দেশনাৰ প্ৰতি ভেঙুচালি প্ৰদৰ্শন কৰি পাৰ্টিৰ আয়োজন কৰা পৰিলক্ষিত হৈছে ৷ এনে এক ঘটনাৰ সৈতে সদ্যহতে নাম সাঙুৰ খাইছিল ব্ৰাজিলৰ ষ্টাৰ ফুটবল খেলুৱৈ নেইমাৰৰ নাম ৷ অভিযোগ অনুসৰি নেইমাৰে প্ৰায় 150 গৰাকী অতিথিৰ সৈতে নতুন বছৰ উপলক্ষে এক সপ্তাহৰ বাবে পাৰ্টিৰ আয়োজন কৰিছিল ৷ যাকে লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ সমালোচনাৰ ৷

সম্প্ৰতি নেইমাৰৰ প্ৰতিনিধি সকলে খেলুৱৈগৰাকীক এই সমালোচনাৰ পৰা আঁতৰত ৰখাৰ চেষ্টা কৰিছে ৷ নেইমাৰৰ মুখ্য মুখপাত্ৰ ডে ক্ৰেস্পিয়ে বুধবাৰে এক ভাষ্য প্ৰদান কৰ কয় যে, খেলুৱৈ গৰাকী পাৰ্টি হোৱা সময়ত ৰিঅ‘ ডি জেনিৰিঅ'ৰ সেই স্থানত উপস্থিত নাছিল ৷

"আমি কৈ আছো যে তেওঁ পাৰ্টিৰ সৈতে জড়িত নহয়। মানুহে ইয়াক বিশ্বাস কৰিব লাগিব। আমাৰ কথাৰ কোনো মূল্য নাই নেকি?" নেমাৰে নিজে কিয় মন্তব্য কৰা নাই বুলি সোধাত মুখপাত্ৰগৰাকীয়ে এনেদৰে কয় ।

উল্লেখ্য যে, ব্ৰাজিলৰ এখন দৈনিক কাকতে শনিবাৰে প্ৰকাশ কৰে যে, খেলুৱৈগৰাকীয়ে ৰিঅ' ৰাজ্যৰ চহৰ মংগাৰাটিবাত "নেইমাৰপালোজা" নামৰ এক পাৰ্টিৰ আয়োজন কৰিছিল ৷ য'ত তেওঁৰ মালিকীস্বত্ব থকা এটা অট্টালিকা আছে ৷ উক্ত অট্টালিকাৰ সমীপতে নেইমাৰে ভাড়ালৈ লোৱা এখন এয়াৰ ফিল্ডত পূৰ্বৰে পৰা বহু অতিথি আহি অৱতৰণ কৰিছে ৷

লগতে পঢ়ক : নৱবৰ্ষৰ সন্মানিত তালিকাত স্থান লাভ লুইছ হেমিল্টনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.