নিউজ ডেস্ক, ৮ জুন : শনিবাৰে থাইলেণ্ডৰ চেং এৰেণাত অনুষ্ঠিত কিংছ কাপৰ এখন মেচত ভাৰতে থাইলেণ্ডক ১ - ০ ব্যৱধানত পৰাস্ত কৰে । ভাৰতীয় ফুটবল দলৰ নতুন প্ৰশিক্ষক ইগৰ ষ্টিমেকে দলটোৰ সৈতে যোগদান কৰাৰ পাছত এইয়া তেওঁৰ প্ৰথমটো সফলতা । এই জয়েৰে ভাৰতীয় দলে কিংছ কাপ, ২০১৯ ত তৃতীয় স্থানত সীমিত থাকিবলৈ সক্ষম হয় ।
ভাৰতৰ হৈ ১৭ মিনিটত এটা গ'ল কৰে অনিৰুদ্ধ থাপাই । উল্লেখ্য যে, ইয়াৰ পূৰ্বে এছিয়া কাপতো ভাৰতৰ হাতত ৪ - ১ ৰ ব্যৱধানত পৰাস্ত হৈছিল থাইলেণ্ড দলটো ।