গোৱা, 25 নৱেম্বৰ: উদ্বোধনী খেলতে নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শনত অভিভূত হৈ পৰাৰ পাছতে বুধবাৰে মাৰগাৱত ইণ্ডিয়ান চুপাৰ লিগৰ খেলত মুম্বাই চিটি এফচি আৰু এফচি গোৱা প্ৰতিদ্বন্দিতাত নামিব ৷ উক্ত খেলত ফ্ৰি-ফ্ল'ৱিঙ ফুটবল দেখিবলৈ পোৱা যাব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ এই খেলৰ জৰিয়তে মুম্বাই চিটি এফচিয়ে পুনৰ ছন্দলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে ৷
মুম্বাই চিটিৰ মুখ্য প্ৰশিক্ষক চাৰ্জিঅ' ল'বেৰা ৰ বাবে এইখনেই হ'ব প্ৰথমখন খেল য'ত তেওঁ পূৰ্বৰ বৰ্ষত নিজেই পৰিচালনা কৰি বিজয়ী শ্বিল্ডলৈকে আগবঢ়াই লৈ যোৱা দলটোৰ খেলুৱৈ সকলৰ বিপক্ষে এইবাৰ প্ৰশিক্ষণ দিয়া দলৰ খেলুৱৈসকল প্ৰতিদ্বন্দিতাত নামিব ৷
নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত 0-1 গ'লত পৰাস্ত হৈও দহজনীয়া সদস্যৰে খেলি মুম্বাই চিটিয়ে প্ৰায় 451 পাছ সম্পূৰ্ণ কৰে ৷ কোনো দলেই আজিলৈকে লিগত ইমানসংখ্যক পাছ দিবলৈ সক্ষম হোৱা নাই ৷ পৰাস্ত হোৱাৰ পাছতো দলৰ প্ৰদৰ্শনত সুখী ল'বেৰাই কয় যে তেওঁ বিশ্বাস কৰে যে গ'ল অহা নহাটো এক সময়ৰ বিষয় ৷ তেওঁ লগতে কয় যে আমাৰ দলৰ এতিয়ালৈকে আটাইটকৈ সৰহসংখ্যক পাছ আছে ৷ আমি কিছুমান কাম যথেষ্ট ভালকৈ কৰিছো ৷ দহ গৰাকী খেলুৱৈৰ সৈতে খেলিও আমি খেলখনক নিয়ন্ত্ৰণত ৰাখিছিলো ৷ তথাপি আমি আমাৰ প্ৰদৰ্শন কিছু উন্নত কৰাৰ প্ৰয়োজন আছে ৷
তেওঁ মন্তব্য কৰে যে প্ৰতিদ্বন্দীতকৈ নিজৰ দ'লটোহে তেওঁৰ মূল লক্ষ্য ৷ প্ৰশিক্ষক হিচাপে তেওঁৰ যথেষ্ট ভাল খেলুৱৈ আছে বুলি মন্তব্য কৰি ল'বেৰাই লগতে কয় যে কেইগৰাকী মানক হেৰুৱাই তেওঁৰ কোনো ভয় নাই ৷
লগতে পঢ়ক: আহমেদ পেটেল : কংগ্ৰেছৰ এগৰাকী সুদৃঢ় স্তম্ভ