ETV Bharat / sports

ISL 6: ড্ৰ’ হ’ল এফ চি গোৱা আৰু বাংগালুৰু এফ চিৰ মেচ

author img

By

Published : Oct 28, 2019, 11:11 PM IST

সোমবাৰে আই এছ এলত মুখামুখি হৈছিল এফ চি গোৱা আৰু ডিফেণ্ডিং চেম্পিয়ন বাংগালুৰু এফ চি ৷ 1-1 গ’লত ড্ৰ’ হয় মেচখন ৷

ISL 6: ড্ৰ’ হ’ল এফ চি গোৱা আৰু বাংগালুৰু এফ চি ৰ মাজৰ মেচ

স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ: আজি আই এছ এলৰ ষষ্ঠ সংস্কৰণত ডিফেণ্ডিং চেম্পিয়ন বাংগালুৰু এফ চিৰ বিৰুদ্ধে মুখামুখি হৈছিল এফ চি গোৱা ৷ 1-1 গ’লত অন্ত পৰে উত্তেজনাপূৰ্ণ মেচখন ৷ মেচখনত বাংগালুৰু দলটোৰ হৈ প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয় উদান্তা সিঙে ৷ বাংগালুৰু এফ চিৰ হৈ 62 মিনিটত একমাত্ৰ গ’লটো কৰে খেলুৱৈগৰাকীয়ে ৷ অৱশ্যে মেচৰ 93 মিনিটত গোৱাৰ ফেৰান ক’ৰ’মিনাছে গ’ল কৰি সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হৈছিল এই উত্তেজনা পূৰ্ণ মেচখন ৷

এই ছিজনৰ প্ৰথমখন মেচত গোৱাই দুবাৰৰ চেম্পিয়ন চেন্নাইয়ান এফ চি ক 3-0 গ’লত পৰাস্ত কৰাৰ বিপৰীতে বাংগালুৰু এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে ড্ৰ’ খেলিবলৈ সক্ষম হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.