স্পৰ্টছ ডেস্ক, 9 মাৰ্চ: আইএছএলৰ ষষ্ঠ সংস্কৰণৰ ফাইনেলত চেন্নাইয়ান এফচিৰ মুখামুখি হ’ব এথলেটিক’ ডি কলকাতা ৷ দেওবাৰে ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত মেচত ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফচিক পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় এটিকেয়ে ৷ এই সফলতাৰে তৃতীয়বাৰৰ বাবে ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এটিকে দলটোৱে ৷
ছেমিফাইনেলৰ প্ৰথম লেগত বেংগালুৰুৱে এটিকেক 1-0 গ’লত পৰাস্ত কৰিছিল যদিও দ্বিতীয় লেগত 3-1 গ’লত জয়ী হয় এটিকে ৷ এনেদৰে এগ্ৰিগেট 3-2 ব্যৱধানত ফাইনেলত স্থান লাভ কৰে এটিকে দলটোৱে ৷
উল্লেখ্য যে, 2014 চনৰ প্ৰথম সংস্কৰণৰ খিতাপ দখল কৰাৰ লগতে 2016 চনৰো খিতাপ দখল কৰিছিল এথলেটিক’ ডি কলকাতা দলটোৱে ৷ এতিয়া 14 মাৰ্চত দুই বাৰৰেই আইএছএল চেম্পিয়ন চেন্নাইয়ান এফচিৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব এটিকে ৷