স্পৰ্টছ ডেস্ক, 17 জুলাইঃ দ্য এৰেণা বাই ট্ৰাঞ্চষ্টেডিয়া অনুষ্ঠিত হোৱা ইণ্টাৰকণ্টিনেন্টাল কাপৰ পৰা বাহিৰ হ'ল ভাৰত ৷ টুৰ্ণামেণ্টখনত নিজৰ অন্তিম মেচত ভাৰতে ছিৰিয়াৰ বিৰুদ্ধে ড্ৰ' খেলিবলৈ সক্ষম হয় ৷ এই ড্ৰ'ৰে ছিৰিয়াৰ ফাইনেলত স্থান লাভৰ বাট ৰুদ্ধ হৈ পৰে ৷ কাৰণ ফাইনেলত প্ৰৱেশ কৰিবলৈ ছিৰিয়া দলটোৰ বাবে আছিল জয় অপৰিহাৰ্য ৷ ইপিনে ফাইনেলত স্থান লাভৰ বাবে ভাৰতক প্ৰয়োজন আছিল বৃহৎ জয়ৰ ৷
ভাৰতৰ হৈ 52 মিনিটত মেচখনৰ প্ৰথমটো গ'ল কৰে নৰেন্দৰ গহল'তে ৷ কিন্তু 77 মিনিটিত ছিৰিয়াৰ খেলুৱৈয়ে গ'ল কৰি সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচত দুয়োটা দলৰ মাজত এটাও গ'ল নহয় আৰু মেচখন 1-1 গ'লত সমাপ্ত হয় ৷ এতিয়া শুকুৰবাৰে উত্তৰ কোৰিয়া আৰু তাজাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব ফাইনেল মেচ ৷