ETV Bharat / sports

ফিফা 2022 বিশ্বকাপঃ কোৱালিফায়িং মেচত এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে ভাৰত

ফিফা 2022 বিশ্বকাপৰ কোৱালিফায়িং মেচৰ এক গুৰুত্বপূৰ্ণ মেচত আজি আয়োজক দেশ কাটাৰৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত ৷ ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত ডোহাত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ মেচখন ৷

author img

By

Published : Sep 10, 2019, 6:49 PM IST

ফিফা 2022 বিশ্বকাপঃ কোৱালিফায়িং মেচত এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে ভাৰত

স্পৰ্টছ ডেস্ক, 10 ছেপ্তেম্বৰঃ ভাৰতৰ ফুটবল দলৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন ৷ ফিফা 2022 বিশ্বকাপৰ দ্বিতীয়খন কোৱালিফায়িং মেচত আজি ফিফা 2022 বিশ্বকাপৰ আয়োজক দেশ কাটাৰৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত ৷ কোৱালিফায়িংৰ আশা জীৱিত ৰাখিবলৈ এই মেচখনত ভাৰতৰ বাবে জয় অপৰিহাৰ্য ৷

ওমানৰ হাতত 2-1 গ’লত প্ৰথমখন কোৱালিফায়িং মেচত পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত

ফিফা বিশ্ব ৰেংকিঙত 103 নম্বৰ স্থানত ভাৰত থকাৰ বিপৰীতে 62 নম্বৰত আছে কাটাৰ ৷ দুয়োখন দেশে ইয়াৰ পূৰ্বে চাৰিবাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত কাটাৰে তিনিবাৰ জয় লাভ কৰাৰ বিপৰীতে এখন মেচ অমীমাংসিত হৈ ৰৈছে দুয়োটো দলৰ মাজত ৷ গতিকে ভাৰতৰ দৃষ্টিভংগীৰে এই মেচখন হ’ব অধিক প্ৰত্যাহ্বানমূলক ৷ নিজ গৃহত ওমানৰ হাতত 2-1 গ’লত প্ৰথমখন কোৱালিফায়িং মেচত পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত ৷

পাঁচ ছেপ্তেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল প্ৰথমখন ফিফা 2022 বিশ্বকাপ কোৱালিফায়িঙৰ মেচ ৷ আনহাতে ‘গ্ৰুপ E’ ত থকা কাটাৰে নিজৰ প্ৰথমখন মেচত আফগানিস্তানৰ বিৰুদ্ধে বৃহৎ 6-0 গ’লত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

SPORTS NEWS - OTHERS - IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.