তামুলপুৰ, 22 অক্টোবৰ: গোৰেশ্বৰত মঙলবাৰে অনুষ্ঠিত হয় গাটছা ফুটবল ক্লাবৰ উদ্যোগত ৰূপালী জয়ন্তী উপলক্ষে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এক ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেল। চূড়ান্ত মেচখন অনুষ্ঠিত হয় বিজনি ফেৰেংগা এফ চি আৰু ভূটানৰ পাঞ্চালি এফ চি ফুটবলৰ দলৰ মাজত । খেলখনত বঙাইগাঁও জিলাৰ ফেৰেংগা এফ চি দলে ভূটানৰ পাঞ্চালি এফ চিক 5-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। ভূটানৰ পাঞ্চালি এফ চি দলটোৱে খেলখনৰ সুন্দৰ আৰম্ভণি কৰে যদিও এটাও গ’ল কৰিবলৈ সক্ষম নহয় ।
এই চূড়ান্ত মেচখনত অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ৷ দৈমাৰীয়ে ভূটানৰ দলটিক আমন্ত্ৰণ কৰাৰ বাবে গাটছা ফুটবল ক্লাৱক ধন্যবাদ জ্ঞাপন কৰি কয় যে খেলৰ মাধ্যমেদি বন্ধুত্ব সুদৃঢ় কৰিব পাৰি ৷ এনে ধৰণৰ টুৰ্ণামেণ্টে আমাৰ যুৱ সমাজক খেলৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ।