ETV Bharat / sports

World Cup 2023: বেটিং বিপৰ্যয়ক লৈ দুঃখিত পাথুম নিছাংকা; ভাল প্ৰদৰ্শনৰ বাবে আশাবাদী - Pathum Nissanka Sri Lanka

সোমবাৰে অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত চলিত বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় শ্ৰীলংকা । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনত নিজৰ দলৰ মিডল আৰু ল’ৱাৰ মিডল অৰ্ডাৰৰ পতনৰ বাবে অ’পেনাৰ পাথুম নিছাংকাই দুখ প্ৰকাশ কৰে ।

World Cup 2023 AUS v SL
World Cup 2023
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 3:40 PM IST

Updated : Oct 17, 2023, 3:58 PM IST

স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ: সোমবাৰে লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ লীগ পৰ্যায়ৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে সিংহল বাহিনীয়ে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শ্ৰীলংকাৰ অ’পেনাৰ পাথুম নিছাংকা আৰু কুশল পেৰাৰাই শক্তিশালী আৰম্ভণি কৰে ৷ দুয়ো ১২৫ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িছিল যদিও সেয়া যথেষ্ট নাছিল ৷ পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত হয় শ্ৰীলংকান ক্ৰিকেট দল ।

"আমাৰ আশাব্যঞ্জক আৰম্ভণিৰ পিছতো আমি ইয়াক বৰ্তাই ৰাখিব নোৱাৰাৰ বাবে গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ ৷ যাৰ ফলত আমি ২১০ ৰানৰ স্ক'ৰত সীমাবদ্ধ হৈ পৰিলোঁ । মই বিশ্বাস কৰোঁ, এনে এটা উইকেটত আমি অতিকমেও ৩০০ ৰানৰ লক্ষ্য লোৱা উচিত ৷ এইটো আমাৰ পৰাজয়ৰ বাবে এটা গুৰুত্বপূৰ্ণ কাৰক ।’’ মেচৰ পিছৰ সংবাদমেলত সাংবাদিকৰ আগত নিছাংকাই এইদৰে কয় ।

তেওঁ কয়, ‘‘মই বিশ্বাস কৰোঁ যে মই দলটোৰ বাবে মোৰ সৰ্বোচ্চ আগবঢ়াইছো । মই আশাবাদী আগন্তুক মেচসমূহত যথেষ্ট সংখ্যক ৰান সংগ্ৰহ কৰি আৰু যথেষ্ট সুন্দৰ ইনিংছ খেলি মই উল্লেখযোগ্য অৰিহণা যোগাব পাৰিম ।’’

প্ৰতিযোগিতাখনত তিষ্ঠি থাকিবলৈ এতিয়া শ্ৰীলংকাই বাকী ছয়খন খেলতে জয়লাভ কৰিব লাগিব আৰু নিছাংকাই বিশ্বাস কৰে যে দলটোৰ কেন্দ্ৰবিন্দু হৈছে তেওঁলোকে কৰা ভুলৰ পৰা শিকিব পৰাটো ।

নিছাংকাই শেষত কয়, "এতিয়া আমাৰ গুৰুত্ব হৈছে আমাৰ ভুলৰ পৰা শিক্ষা লোৱা আৰু আগন্তুক মেচসমূহত শক্তিশালী প্ৰদৰ্শনৰ বাবে চেষ্টা কৰা । আমাৰ মানসিক স্তৰ ভাল । আমি আশা কৰিছো এই মেচসমূহত ভাল খেলিব আৰু বাকী মেচসমূহত জয়ী হ'ম ।"

অহা ২১ অক্টোবৰ শনিবাৰে অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী খেলত অৱতীৰ্ণ হ’ব শ্ৰীলংকা ।

লগতে পঢ়ক: Cricket World Cup 2023 : অৱশেষত জয়ৰ মুখ দেখিলে কেংগাৰু বাহিনীয়ে; অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত শ্ৰীলংকা

Last Updated : Oct 17, 2023, 3:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.