স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ : 22 অক্টোবৰ দেওবাৰে ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড ৷ এই মেচখনত বিশ্বকাপ 2023ৰ প্ৰথম ছেমি ফাইনেলিষ্ট প্ৰায় নিৰ্ণয় হ’ব ৷ দুয়োটা দলে ৰেকিঙৰ শীৰ্ষ দুটা স্থানত অৱস্থান কৰিছে ৷ চাৰিখন মেচত জয়লাভ কৰি আঠ পইণ্ট লাভ কৰি নিউজীলেণ্ড শীৰ্ষ স্থানত স্থানত থকাৰ বিপৰীতে ভাৰত দ্বিতীয় স্থানত আছে নেট ৰাণ ৰেটৰ ব্যৱধানত ৷ ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া এই মেচত বিজয়ী দলটোৱে 10 পইণ্ট লাভ কৰাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ স্থানত থকা দলটোৱে বৰ্তমান 4 পইণ্ট লাভ কৰিছে ৷ এনে পৰিস্থিতিত ধৰমশালা মেচত জয়ী হোৱা দলটোৱে পইণ্ট টেবুলৰ শীৰ্ষত থকাৰ লগতে ছেমি ফাইনেল প্ৰায় প্ৰায় নিশ্চিত কৰিব ৷ অৱশ্যে খেলৰ পূৰ্বে এদিনীয়া বিশ্বকাপৰ ইতিহাসত এই দুয়োটা দলৰ মাজত হোৱা মেচৰ পৰিসংখ্যা জানিবলৈ সকলো আগ্ৰহী ৷
1975 চনৰ পৰা বিশ্বকাপৰ মেচত ভাৰত আৰু নিউজীলেণ্ড 9 বাৰ মুখামুখি হৈছে ৷ ইয়াৰে ভিতৰত নিউজীলেণ্ডে 5 বাৰ জয়লাভ কৰাৰ বিপৰীতে ভাৰতীয় দলটোৱে তিনিবাৰ জয়লাভ কৰিছে ৷ তদুপৰি এখন মেচ বাতিল কৰা হৈছিল ৷ ধৰমশালাত দুয়োটা দলে বিশ্বকাপৰ অভিলেখ উন্নত কৰিব বিচাৰিলেও মেন ইন ব্লুৱে 2019 চনৰ ছেমি ফাইনেলৰ প্ৰতিশোধ ল’ব বিচাৰিছে ৷ য’ত নিউজীলেণ্ডে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতীয় দলক পৰাস্ত কৰি ফাইনেলৰ টিকট লাভ কৰিছিল ৷
1975 চনত এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী সংস্কৰণৰ পিছৰে পৰা পাঁচটা সংস্কৰণ এনেকুৱা হৈছে য’ত এই দুয়োটা দল মুখামুখি হোৱা নাছিল ৷ 1987 আৰু 2019 ৰ বিশ্বকাপত দুয়োটা দলে দুবাৰকৈ মুখামুখি হৈছিল ৷ 1987 চনত ভাৰতে দুয়োখন মেচতে জয়লাভ কৰাৰ বিপৰীতে 2019 চনত এখন মেচ বাতিল কৰা হয় আৰু আনখন খেলত জয়লাভ কৰে নিউজীলেণ্ডে ৷ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নিউজীলেণ্ডে আধিপত্য বিস্তাৰ কৰি আহিছে যদিও 1987 চনৰ বিশ্বকাপৰ মেচ আৰু 2003 চনৰ বিশ্বকাপৰ মেচ দুয়োখনেই এই নিয়মৰ ব্যতিক্ৰম আছিল ৷ 1975, 1979, 1992, 1999 আৰু 2019 বিশ্বকাপৰ সময়ত খেলা ফিক্সাৰত কিৱি দলে জয়লাভ কৰিছিল ৷
সময় ইমানেই সলনি হৈছে যে 60 অভাৰৰ এদিনীয়া মেচত 200 ৰাণৰ সীমা অতিক্ৰম কৰাটোও এসময়ত প্ৰত্যাহ্বান আছিল যদিও এতিয়া দলসমূহে 50 অভাৰৰ খেলত 400 ৰাণ সংগ্ৰহ কৰে ৷ চলিত বিশ্বকাপত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাৰ বিৰুদ্ধে 428 ৰাণ সংগ্ৰহ কৰে ৷ লগতে বহু দলে এইবাৰ 300 ৰ স্ক’ৰ স্পৰ্শ কৰিছে ৷ 1999 চনৰ বিশ্বকাপত ভাৰতে প্ৰথম ইনিংছত 251 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে নিউজীলেণ্ডে লক্ষ্য অনুসৰণ কৰি 253 ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰে ৷ আমোদজনক কথাটো হ’ল যে বিশ্বকাপৰ দুয়োটা দলৰ ভিতৰত এতিয়াও ই সৰ্বশ্ৰেষ্ঠ দলীয় মুঠ ৰাণ ৷ আনহাতে 2003 চনৰ বিশ্বকাপত ভাৰতীয় দলে মাত্ৰ 146 ৰাণত কিৱি বাহিনীক অল আউট কৰিছিল, যিটো দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপত সৰ্বনিম্ন স্ক’ৰ ৷
এদিনীয়া বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নিউজীলেণ্ডে প্ৰভাৱশালী শক্তি হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে দলটোৰ সৈতে যুঁজি 50 অভাৰৰ ফৰ্মেটত ভাৰতৰ শক্তি হিচাপ কৰিবলগীয়া ৷ দুয়োটা দলে এই পৰ্যন্ত 116খন মেচ খেলিছে আৰু ভাৰতে 58 খন মেচত জয়লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডে 50 বাৰ জয় নিশ্চিত কৰিছে ৷
ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ 9খন খেলত কেৱল গ্লেন টাৰ্নাৰ আৰু বীৰেন্দৰ ছেহৱাগেহে শতক পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে ৷ এই দুয়োখন দেশৰ মাজত এদিনীয়া মেচত শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, বীৰেন্দৰ ছেহৱাগ, মহম্মদ আজহাৰুদ্দিন, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, ৰোহিত শৰ্মা, শুভমান গিল, গৌতম গম্ভীৰ, মহম্মদ কাইফ, মহিন্দৰ অমৰনাথ, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, ইউছুফ পাঠানৰ হাতত আছে শতক ৷ নিউজীলেণ্ডৰ হৈ ৰছ টেইলৰ, নাথান এষ্টলে, কেন উইলিয়ামছন, মাৰ্টিন গুপটিল, টম লাথাম, ক্ৰীছ কেয়াৰ্নছ, জেছি ৰাইডাৰ, ৰবাৰ্ট ৰাদাৰফোৰ্ড, মাৰ্টিন ক্ৰ’, ডেভন কনৱে আৰু মাইকেল ব্ৰেচৱেলে শতক অৰ্জন কৰিছে ৷
লগতে পঢ়ক : CWC 2023 : কিৱিৰ বিৰুদ্ধে বিশ্বকাপৰ ব্যৰ্থতা আঁতৰোৱাৰ সুযোগ টীম ইণ্ডিয়াৰ