ETV Bharat / sports

Sachin Tendulkar: ৱাংখেড়েত ১ নৱেম্বৰত উদ্বোধন হ’ব মাষ্টাৰ-ব্লাষ্টাৰৰ প্ৰতিমূৰ্তি - wankhede stadium

১ নৱেম্বৰত ৱাংখেড়ে ষ্টেডিয়ামত মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ প্ৰতিমূৰ্তি উদ্বোধন কৰা হ’ব । বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকল সহযোগী কৰ্মচাৰীৰ সৈতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৷ চলিত বৰ্ষৰ আৰম্ভণিতে এমচিএই এইবাৰ ৫০ বছৰ সম্পূৰ্ণ কৰা তেণ্ডুলকাৰক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছিল ৷

Sachin Tendulkar
উদ্বোধন কৰা হ’ব মাষ্টাৰ-ব্লাষ্টাৰৰ প্ৰতিমূৰ্তি
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:25 PM IST

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ : আইকনিক ৱাংখেড়ে ষ্টেডিয়ামৰ সৈতে ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰৰ আছে এক বিশেষ সংযোগ ৷ কাৰণ এইখনেই আছিল মহান খেলুৱৈজনৰ ঘৰুৱা খেলপথাৰ আৰু সেয়েহে যেতিয়াই তেওঁ এই খেলপথাৰত খেলিছিল তেতিয়াই ই তেওঁৰ হৃদয়ৰ সদায় ওচৰত আছিল ৷

এই খেলপথাৰৰ এটা ষ্টেণ্ড ইতিমধ্যে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান - ভাৰত ৰত্ন আৰু এজন অসাধাৰণ ক্ৰিকেটাৰ শচীন ৰমেশ তেণ্ডুলকাৰৰ নামেৰে নামকৰণ কৰা হৈছে ৷ এতিয়া শচীন তেণ্ডুলকাৰৰ ষ্টেণ্ডৰ উপৰিও মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে শচীন তেণ্ডুলকাৰৰ জীৱন্ত আকাৰৰ প্ৰতিমূৰ্তিও স্থাপন কৰিব ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ লীগ মেচখনৰ এদিন পূৰ্বে ১ নৱেম্বৰত উদ্বোধন কৰা হ’ব এই প্ৰতিমূৰ্তি ৷

শুকুৰবাৰে ইটিভি ভাৰতক এই কথা নিশ্চিত কৰে এমচিএৰ সভাপতি আমোল কালেই ৷ কালেই কয় যে উদ্বোধনী অনুষ্ঠানত তেণ্ডুলকাৰ নিজেই উপস্থিত থাকিব, আনহাতে অন্যান্য সবিশেষ বিষয়ো চূড়ান্ত কৰা হৈছে ৷ এই উদ্বোধনী অনুষ্ঠানত সহযোগী কৰ্মচাৰীৰ সৈতে বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকলো উপস্থিত থাকিব বুলি ধাৰণা কৰা হৈছে ৷

চলিত বৰ্ষৰ আৰম্ভণিতে এমচিএই এইবাৰ ৫০ বছৰ সম্পূৰ্ণ কৰা আৰু তেওঁৰ নামত বহু অভিলেখ থকা তেণ্ডুলকাৰক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছিল ৷ শচীন তেণ্ডুলকাৰ মুম্বাইৰ বাসিন্দা ৷ উপনগৰ বান্দ্ৰাৰ সাহিত্য সাহাছত ডাঙৰ-দীঘল হোৱা তেওঁৰ প্ৰশিক্ষক প্ৰয়াত ৰমাকান্ত আশ্ৰেকাৰৰ পৰা মধ্য মুম্বাইৰ দাদাৰৰ শিৱাজী পাৰ্কত প্ৰশিক্ষণ লৈছিল তেওঁ ৷

বিশ্বৰ বিভিন্ন স্থানত প্ৰতিপক্ষৰ সকলো বলিং আক্ৰমণক পৰাস্ত কৰিছিল টেণ্ডুলকাৰে ৷ যদিও ঘৰুৱা দৰ্শকৰ সন্মুখত খেলাটো এই মহান বেটছমেনজনৰ বাবে সদায় আনন্দৰ বিষয় আছিল ৷ তেণ্ডুলকাৰৰ ক্ৰিকেট কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্তটোও ৱাংখেড়েত আছিল ৷ যেতিয়া মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি ২০১১ চনৰ ২ এপ্ৰিলত আইচিচিৰ এদিনীয়া বিশ্বকাপত জয়লাভ কৰিছিল ৷

২০১৩ চনৰ নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেলৰ পিছত শচীন টেণ্ডুলকাৰেও ৱাংখেড়েত নিজৰ বিখ্যাত কেৰিয়াৰৰ অন্ত পেলাইছিল ৷ ৱাংখেড়েত বহু স্মৰণীয় মেচত অংশগ্ৰহণ কৰিছে তেণ্ডুলকাৰে ৷ য’ত ১৯৯১ চনৰ ঐতিহাসিক ৰঞ্জি ট্ৰফীৰ ফাইনেলত মুম্বাই হাৰিয়ানাৰ হাতত মাত্ৰ দুই ৰাণত পৰাস্ত হৈছিল ৷ তেণ্ডুলকাৰে প্ৰথম ইনিংছত ৪৭ ৰাণ আৰু দ্বিতীয় ইনিংছত ৯৬ ৰাণ সংগ্ৰহ কৰিছিল যদিও এই ৰাণ অথলে যায় ৷ ঘৰুৱা খেলপথাৰ ৱাংখেড়েত এতিয়া পুনৰ সন্মানিত হৈছে অন্যতম শ্ৰেষ্ঠ বেটছমেনজন ৷

লগতে পঢ়ক : World Cup 2023 : হিট্মেন ৰোহিতৰ সন্মুখত আন এক অভিলেখৰ সুযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.