ETV Bharat / sports

আইনৰ কাষ চাপিছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ

author img

By

Published : Feb 24, 2022, 4:34 PM IST

'Big Daddy' নামৰ এখন কেচিন’ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ৷ গোৱাৰ এই কেচিন’খনৰ বিৰুদ্ধে তেণ্ডুলকাৰে উত্থাপন কৰিছে এক অভিযোগ ৷ অভিযোগ অনুসৰি, অনুমতি অবিহনে ক্ৰিকেটাৰগৰাকীৰ সম্পাদিত ফটো কেচিন’খনে প্ৰম’চনৰ কামত ব্যৱহাৰ কৰিছে (Tendulkar says casino used his morphed images for promotion) ৷

Tendulkar says casino used his morphed images for promotion; to take legal action
ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ

স্প’ৰ্টছ ডেস্ক, 24 ফেব্ৰুৱাৰী : গোৱাৰ এখন কেচিন’ৰ বিৰুদ্ধে আইনৰ কাষ চাপিছে ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ ৷ বৃহস্পতিবাৰে তেণ্ডুলকাৰে Big Daddy নামৰ কেচিন’খনে অনুমতি অবিহনে ক্ৰিকেটাৰগৰাকীৰ সম্পাদিত ফটো প্ৰম’চনৰ কামত ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ যাৰ বাবে আইনৰ কাষ চাপে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী (Tendulkar says casino used his morphed images for promotion) ৷

খেলুৱৈগৰাকীৰ আইনী দলে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ টুইটাৰ যোগে প্ৰকাশ কৰে যে, এই সন্দৰ্ভত সকলো কথা ৰাজহুৱা হোৱা উচিত ৷

কেচিন’খনে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা কেইবাটাও ভিন্ন ধৰণৰ বিজ্ঞাপনত ক্ৰিকেটাৰগৰাকীয়ে কেচিন’খনৰ পক্ষত থকা বুলি প্ৰকাশ পাইছিল ৷ এই বিজ্ঞাপনসমূহ দৃষ্টিগোচৰ হোৱাৰ পিছতে আইনৰ কাষ চাপে ক্ৰিকেটাৰগৰাকী ৷

48 বৰ্ষীয় তেণ্ডুলকাৰে সাধাৰণ লোকক বিপথে পৰিচালিত কৰিবৰ বাবে এই বিজ্ঞাপনসমূহ প্ৰকাশ কৰা বুলি আক্ষেপ প্ৰকাশ কৰে ৷ ব্যক্তিগতভাৱে ক্ৰিকেটাৰগৰাকীয়ে কোনোদিনে জুৱা, ধঁপাত অথবা সুৰাৰ সমৰ্থন নকৰা বুলিও মন্তব্য কৰে ৷ সাধাৰণ লোকক বিপথে পৰিচালিত কৰিবৰ বাবেহে কিংবদন্তী খেলুৱৈগৰাকীৰ ফটো কেচিন’খনে ব্যৱহাৰ কৰাত দুখ অনুভৱ কৰা বুলি সদৰী কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ৷

লগতে চাওক: এছেজ শৃংখলাত পৰাজয়ৰ পাছতেই পদত্যাগ ইংলেণ্ডৰ প্ৰশিক্ষক ক্ৰিছ চিলভাৰউডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.