ETV Bharat / sports

T20 WC: ওমানক পৰাস্ত কৰি চুপাৰ ১২ৰ বাবে যোগ্যতা অৰ্জন স্কটলেণ্ডৰ

টি-২০ বিশ্বকাপত বৃহস্পতিবাৰে ওমানক পৰাস্ত কৰিলে স্কটলেণ্ডে । এই বিজয়ৰ পাচতে স্কটলেণ্ডে চুপাৰ ১২ৰ বাবে যোগ্যতা অৰ্জন কৰে । ৮টা উইকেট লাভ কৰি স্কটলেণ্ডে ওমানক পৰাস্ত কৰে ।

author img

By

Published : Oct 22, 2021, 11:11 AM IST

Scotland defeated Oman
ওমানক পৰাস্ত কৰি চুপাৰ ১২ৰ বাবে যোগ্যতা অৰ্জন স্কটলেণ্ডৰ

স্পৰ্টছ ডেস্ক, ২২ অক্টোবৰ : ওমানৰ আল এমেৰাট ক্ৰিকেট গ্ৰাউণ্ডত(মিনিষ্ট্ৰি টাৰ্ফ ১) অনুষ্ঠিত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ বৃহস্পতিবাৰৰ খেলখনত ৮ টা উইকেটত ওমানক পৰাস্ত কৰে স্কটলেণ্ডে । এই জয়ৰ লগে লগে স্কটলেণ্ডে চুপাৰ ১২ত নিজৰ স্থান নিশ্চিত কৰে । ইতিমধ্যে বাংলাদেশেও চুপাৰ ১২ত স্থান নিশ্চিত কৰিছে । গ্ৰুপ বি-ৰ শীৰ্ষস্থানত থকাৰ ফলশ্ৰুতিতে স্কটলেণ্ডে পাকিস্তান, নিউজিলেণ্ড আৰু আফগানিস্তানৰ সৈতে ভাৰতৰ গোটত যোগদান কৰিব । আনহাতে, বাংলাদেশে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ গ্ৰুপটোত যোগদান কৰিব ।

স্কটলেণ্ডৰ অপেনাৰ জৰ্জ মুনছে আৰু কাইল কোয়েৎজাৰে খেলৰ আৰম্ভণি কৰে । পঞ্চম অভাৰত ফৈয়াজ বাটে জৰ্জ মুনছেৰ উউকেট লাভ কৰে । ইয়াৰ পাচত মেথিউ ক্ৰছে কোয়েৎজাৰক সংগ দিয়ে । স্কটলেণ্ডক জয়ৰ দিশে আগবঢ়াই নিয়াৰ বাবে প্ৰদৰ্শন আগবঢ়াইছিল দুয়োগৰাকী খেলুৱৈয়ে ।

দুয়োজন বেটছমেনে ৪২ ৰান সংগ্ৰহ কৰিছিল । কিন্তু লক্ষ্যত উপনীত হ'বলৈ ৪৮ ৰান সংগ্ৰহ কৰিবলৈ বাকী থাকোঁতেই দশম অভাৰত কোয়েৎজাৰে খেলপথাৰ এৰিবলগীয়া হয় ।

৪১ ৰান সংগ্ৰহ কৰিয়েই সন্তুষ্ট থাকিবলগীয়া হয় কোয়েৎজাৰ । অৱশেষত, মেথিউ ক্ৰছ আৰু ৰিচি বেৰিংটনে ১৮টা বল বাকী থকা অৱস্থাত এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দলৰ বিজয় নিশ্চিত কৰে । ইয়াৰ পূৰ্বে, আকৰ্ষণীয় বলিঙেৰে স্কটলেণ্ডে ওমানক ১২২ ৰাণত অল আউট কৰিছিল । ওমানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল যদিও দলটোৰ প্ৰদৰ্শন পুতৌজনক আছিল ।

দলটোৱে মাত্ৰ ১৩ ৰানত প্ৰথম দুটা উইকেট হেৰুৱায় । ৰান সংগ্ৰহ নকৰাকৈয়ে খেলপথাৰৰ পৰা উভতিবলগীয়া হয় যতিন্দৰ সিঙে । কাশ্যপ প্ৰজাপতিয়ে মাত্ৰ তিনি ৰান সংগ্ৰহ কৰিয়েই ক্ষান্ত থাকিবলগীয়া হয় । দলৰ অগ্ৰগতিত বিশেষ অৰিহণা যোগাব পৰা নাছিল দুয়োজনে ।

আকিব ইলিয়াছ আৰু মহম্মদ নাদিমৰ অংশীদাৰিত্বত ৩৮ ৰান সংগ্ৰহ হৈছিল যদিও মাইকেল লিয়াস্কে ইলিয়াছক ৩৭ ৰান সংগ্ৰহৰ পাচতে পেভিলিয়নলৈ উভতাই পঠিয়ায় । আনহাতে, মহম্মদ নাদিমে ১৩ অভাৰত বিদায় লয় । সন্দীপ গৌড়ে ৫ ৰান সংগ্ৰহ কৰিছিল । শেষত, আয়োজক দলটোৱে মাত্ৰ ১২২ ৰান সংগ্ৰ কৰিয়েই সন্তুষ্ট হ'বলগীয়া হৈছিল ।

লগতে পঢ়ক:সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.