ETV Bharat / sports

টি20 বিশ্বকাপ: ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ভাৰত

author img

By

Published : Nov 8, 2021, 7:27 AM IST

আবু ধাবিত নিউজিলেণ্ডে আফগানিস্তানক পৰাস্ত কৰাৰ পাচতে ICC T20 বিশ্বকাপৰ (ICC T20 World Cup)ৰ ছেমি ফাইনেলত প্ৰৱেশৰ পৰা বঞ্চিত হ’ল টীম ইণ্ডিয়া(Team India) ৷ নিউজিলেণ্ড-আফগানিস্তানৰ মাজত হোৱা এই মেচখনত আফগানিস্তানে জয়লাভ কৰিলে, ভাৰতে ছেমি ফাইনেল মেচ খেলাৰ সুযোগ লাভ কৰিলেহেঁতেন ৷

india knoked out of sefi final race as newzeland
ছেমি ফাইনেলৰ পৰা নক আউট হ’ল টীম ইণ্ডিয়া

স্পৰ্টছ ডেস্ক, 8 নৱেম্বৰ : চলিত বৰ্ষৰ ICC T20 বিশ্বকাপৰ(ICC T20 World Cup)ৰ ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়া(Team India) ৷ আবু ধাবিত আফগানিস্তানক 8 উইকেটত পৰাস্ত কৰি নিউজিলেণ্ডে ছেমি ফাইনেল পোৱাৰ পাচতে এই ৰেচৰ পৰা বাহিৰ হ’ল ভাৰতীয় দলটো ৷

ইয়াৰ পূৰ্বে 2007 আৰু 2016 চনত ছেমি ফাইনেলত প্ৰৱেশ কৰা নিউজিলেণ্ডে তৃতীয়বাৰৰ বাবে T20 বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ বিপৰীতে চতুৰ্থবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশৰ পৰা বঞ্চিত হয় ভাৰতীয় দলটো ৷ তালিকাৰ চতুৰ্থ স্থানত থকা আফগানিস্তানকো এই জয়ৰ অত্যন্ত প্ৰয়োজন আছিল ৷

ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ নিউজিলেণ্ডক এই জয়ৰেই প্ৰয়োজন আছিল ৷ বিশ্বকাপৰ দলসমূহৰ তালিকা অনুসৰি ভাৰত আছিল তৃতীয় পক্ষ ৷ নিউজিলেণ্ড আৰু আফগানিস্তানৰ মাজত হোৱা এই মেচত চুবুৰীয়া দেশ আফগানিস্তানে জয়লাভ কৰিলে ভাৰতে ছেমি ফাইনেল মেচ খেলাৰ সুযোগ লাভ কৰিলেহেঁতেন ৷

চিৰপ্ৰতিদ্বন্দী দল পাকিস্তানৰ হাতত পৰাজয় হোৱাৰ লগতে নিউজিলেণ্ডৰ বিৰুদ্ধেও পাঁচ উইকেটত পৰাজয় লাভ কৰে টীম ইণ্ডিয়াই । কিন্তু আফগানিস্তান আৰু স্কটলেণ্ড দল দুটাৰ বিৰুদ্ধে জয়লাভ কৰা ভাৰতক আশাত বন্দী কৰি ৰাখিছিল ৷ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও সোমবাৰে ভাৰতে নামিবিয়াৰ সৈতে অন্তিমখন মেচ খেলিব ৷ ইফালে দেওবাৰে শ্বাৰজাহত স্কটলেণ্ডৰ বিৰুদ্ধে 72 ৰাণত জয়লাভ কৰে পাকিস্তানে ৷

লগতে পঢ়ক : লাভলীনাৰ খেলৰত্ন বঁটা লাভ; সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে মনৰ ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.