ETV Bharat / sports

জুলাইত লোৱা হ'ব টি-২০ বিশ্বকাপৰ চূড়ান্ত সিদ্ধান্ত - ipl cancel

ভাৰতৰ বৰ্তমান ক'ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আই পি এল স্থগিত ৰখা হৈছে । ইয়াৰ মাজতে বিচিচিআইৰ এগৰাকী বিষয়াৰ মতে জুলাইত ভাৰতে বিশ্বকাপ আয়োজন কৰাৰ স্থিতিত আছে নে, ইয়াক আন দেশলৈ স্থানান্তৰ কৰা হ'ব সেই সন্দৰ্ভত ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

T20 World Cup
জুলাইত লোৱা হ'ব টি ২০ বিশ্বকাপৰ চূড়ান্ত সিদ্ধান্ত
author img

By

Published : May 5, 2021, 1:26 PM IST

স্পৰ্টছ ডেস্ক, ৫ মে': ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণ স্থগিত ৰখাৰ লগে লগে একাংশ ক্ৰিকেট প্ৰেমীৰ চিন্তা অক্টোবৰ-নৱেম্বৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্ব কাপ সংস্কৰণো বাতিল হ'ব নেকি ? চাৰিওফালে এই বিষয়ে চৰ্চা চলি থকাৰ মাজতে বিচিচিআইৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে আইপিএল স্থগিত ৰখাৰ পিছতো টি-২০ত ইয়াৰ কোনো প্ৰভাৱ নপৰে । বৰঞ্চ ব'ৰ্ডে জুলাই মাহত বিশ্বকাপ আয়োজনৰ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে । লগতে বিশ্বকাপ আন দেশত আয়োজন কৰাৰ ক্ষেত্ৰতো আলোচনা অব্যাহত আছে ।

ব'ৰ্ডৰ এগৰাকী সদস্যৰ মতে তেওঁলোকে পৰিস্থিতি নিৰীক্ষণ কৰি আছে । বিচিচিআই আত্মবিশ্বাসী যে অতিশীঘ্ৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব আৰু পৰিকল্পনা অনুসৰি ভাৰতত বিশ্বকাপ অনুষ্ঠিত হ'ব । ব'ৰ্ডৰ মতে তেওঁলোকে খেলৰ বাবে দেশৰ ৯ টা স্থান নিৰ্ধাৰণ কৰিছে । ইয়াৰ উপৰি আন কেইবাটাও স্থানতো খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে যাতে কৰ'ণা পৰিস্থিতিৰ সময়ত স্বাস্থ্য ব্যৱস্থা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উক্ত ৰাজ্যখনত কোনো ধৰণৰ হেঁচা নপৰে ।

উল্লেখ্য যে বিচিচিআইয়ে ১৬ এপ্ৰিলত অন্তিমখন বৈঠক আয়োজন কৰিছিল য'ত আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দেশৰ ৯টা স্থানৰ কথা উল্লেখ কৰিছিল । স্থানবোৰ হৈছে আহমেদাবাদ, দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বেংগালুৰু, ধৰ্মশালা, হায়দৰাবাদ আৰু লক্ষ্ণৌ ।

ইফালে মঙলবাৰে বিচিচিআইৰ সচিব জয় শ্বাহে কয় যে আই পি এল পৰিচালনাৰ সৈতে জড়িত সকলোৰে সুৰক্ষাৰ কথা চিন্তা কৰি বিচিচিআই আৰু পৰিচালনা পৰিষদে আইপিএল স্থগিত ৰখাৰ সিদ্ধান্ত লয় ।

লগতে পঢ়ক:অনিৰ্দিষ্ট কাললৈ স্থগিত আইপিএল-২০২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.