ETV Bharat / sports

Stuart Broad retirement: অৱসৰক স্মৰণীয় কৰি থৈ গ'ল ষ্টুৱাৰ্ট ব্ৰডে - Mohammad Kaif on Stuart Broad retirement

ইংলেণ্ডৰ পেচাৰ ষ্টুৱাৰ্ট ব্ৰডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । কিন্তু তেওঁৰ এই অৱসৰ সাধাৰণ নাছিল । কেৰিয়াৰৰ অন্তিমটো বলত তেওঁ ৬ মাৰে আৰু এগৰাকী বলাৰ হিচাপে কেৰিয়াৰৰ অন্তিমটো বলত তেওঁ উইকেট দখল কৰে । ক্ৰিকেট বিশ্বই ব্ৰডৰ এই ঐতিহাসিক অৱসৰক প্ৰশংসা কৰিছে ।

Stuart Broad retirement
অৱসৰক স্মৰণীয় কৰি থৈ গ'ল ষ্টুৱাৰ্ট ব্ৰডে
author img

By

Published : Aug 1, 2023, 1:49 PM IST

স্পৰ্টছ ডেস্ক, ১ আগষ্ট: ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ এটা বিশেষ মুহূৰ্ত । সম্ভৱত প্ৰতিগৰাকী ভাৰতীয় আৰু ক্ৰীড়াপ্ৰেমীৰে সেই মুহূৰ্তটো মনত আছে । সেই সময়ৰ ভাৰতীয় বেটছমেন যুৱৰাজ সিঙে এটা অভাৰত ৬ টাকৈ ছয় কোবাইছিল । সেই অভাৰটো দিছিল ইংলেণ্ডৰ বলাৰ ষ্টুৱাৰ্ট ব্ৰডে । আজি সেইগৰাকী বলাৰে ক্ৰিকেট কেৰিয়াৰ সামৰিলে । ইংলেণ্ডৰ বলাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'লে । তেওঁৰ অৱসৰে কেৱল ইংলেণ্ডৰে নহয় বিশ্বৰ ক্ৰীড়াপ্ৰেমীক হতাশ কৰি তুলিছে ।

সোমবাৰে অ'ভেলত ষ্টুৱাৰ্ট ব্ৰডে কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলে । অৱশ্যে পঞ্চম আৰু অন্তিম এছেজ টেষ্টত ইংলেণ্ডক শৃংখলাত সমতা অৰ্জন কৰাত যথেষ্ট সহায় কৰে খেলুৱৈগৰাকীয়ে । তেওঁ টড মাৰ্ফিৰ উইকেট লয় আৰু দলটোক ৪৯ ৰাণত জয়ী হোৱাত সহায় কৰে । ইফালে ৫ খন খেলৰ শৃংখলা এছেজ ২-২ ত সমাপ্ত হয় ।

  • A phenomenal career draws to a close.@StuartBroad8, your relentless spells and unwavering dedication will forever be etched in cricket's annals. A fitting end to your career. Enjoy the next innings! pic.twitter.com/CqYcjUIaOb

    — Sachin Tendulkar (@sachin_rt) July 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কিন্তু ষ্টুৱাৰ্ট ব্ৰডৰ অৱসৰে সমগ্ৰ বিশ্বৰ ক্ৰিকেট মহলক উদ্বিগ্ন কৰি তুলিছে । কিয়নো ষ্টুৱাৰ্ট ব্ৰডৰ ক্ৰিকেট কেৰিয়াৰ অতি দৰ্শনীয় আছিল । ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ তথা আইচিচিৰ মেচ ৰেফাৰী ক্ৰিছ ব্ৰডৰ পুত্ৰ ষ্টুৱাৰ্ট ব্ৰডৰ এই যাত্ৰা অপৰিসীম স্থিতিস্থাপকতা আৰু কঠোৰ পৰিশ্ৰমৰে ভৰা আছিল । কেৰিয়াৰ আৰম্ভ কৰাৰ সময়তে তেওঁৰ বিৰুদ্ধে এটা অভাৰত যুৱৰাজ সিঙে ৬টা ছয় মাৰিছিল যদিও তেওঁ তাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল ।

  • Wow, just a massive congratulations to Stuart Broad!
    Bud, wow, what a career! Honestly it was awesome to play against you as well as enjoying watching you play and do your thing.
    You should be extremely proud!
    Plus, you flew the 8 flag well 😉
    See you soon 👊@StuartBroad8

    — Dale Steyn (@DaleSteyn62) July 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেৰিয়াৰত বহু কেইটা অভিলেখো ৰচনা কৰিছে খেলুৱৈগৰাকীয়ে । ষ্টুৱাৰ্ট ব্ৰডে তেওঁৰ টেষ্ট কেৰিয়াৰ ৬০৫ টা উইকেটৰ সৈতে সমাপ্ত কৰে । এগৰাকী পেচাৰৰ বাবে ই এক অসাধাৰণ কৃতিত্ব । ইফালে ব্ৰডে অৱসৰ ল'লেও এক বিশেষ অভিলেখ সৃষ্টি কৰি থৈ গ'ল । সেয়া হৈছে তেওঁৰ কেৰিয়াৰৰ অন্তিম বলত এটা ৬ মাৰে আৰু টেষ্ট ফৰ্মেটৰ অন্তিম বলটোত এটা উইকেট লোৱা একমাত্ৰ খেলুৱৈ হিচাপে তেওঁ কৃতিত্ব অৰ্জন কৰে ।

উল্লেখ্য যে ফাষ্ট বলাৰসকলে সচৰাচৰ যুটীয়াভাৱে আক্ৰমণ কৰে । ষ্টুৱাৰ্ট ব্ৰডৰ বাবেও এয়া পৃথক নাছিল । জিমি এণ্ডাৰছনৰ সৈতে তেওঁ খেলপথাৰত বিপক্ষ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল । বিপক্ষৰ বেটছমেনসকলো একপ্ৰকাৰ ধৰাশায়ী হৈছিল । দুয়োগৰাকী বলাৰে একেলগে ১০৩৯ টা টেষ্ট উইকেট লাভ কৰিছে । যিটো আধুনিক যুগৰ পেচাৰসকলৰ বাবে এক অনুপ্ৰেৰণা হিচাপে বিবেচিত হৈছে ।

ষ্টুৱাৰ্ট ব্ৰডে কেৰিয়াৰ সমাপ্ত কৰাৰ সময়ত টেষ্টত পঞ্চম সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপেও কৃতিত্ব অৰ্জন কৰে । সেই তালিকাত ভাৰতীয় লেগ স্পিনাৰ অনিল কুম্বলে (৬১৯ টেষ্ট উইকেট), জিমি এণ্ডাৰছন (৬৯০ টেষ্ট উইকেট), শ্বেন ৱাৰ্ণ (৭০৮ টেষ্ট উইকেট) আৰু শ্ৰীলংকাৰ এম মুৰলীধৰণ (৮০০ টেষ্ট উইকেট) আছে ।

  • Stuart Broad's inspiring cricket journey proves that resilience conquers all. From getting hit six 6s in an over to claiming 600 Test wickets, he showcases the spirit of perseverance in the face of challenges.
    Take a bow, Stuart Broad 👏🏻 🏏 #CricketLegend #StuartBroad pic.twitter.com/Bw382IDjoS

    — Mohammad Kaif (@MohammadKaif) July 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অৱসৰৰ সময়ত বিশ্বৰ তাৰকা ক্ৰিকেটাৰসকলেও ষ্টুৱাৰ্ট ব্ৰডক প্ৰশংসা কৰা দেখা গৈছে । তাৰকা ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰেও ব্ৰডৰ প্ৰশংসা কৰে । তেণ্ডুলকাৰৰ মতে ষ্টুৱাৰ্ট ব্ৰডৰ অটল সমৰ্পণ চিৰকালৰ বাবে ক্ৰিকেটৰ অন্তৰালত ৰৈ যাব । ব্ৰডৰ কেৰিয়াৰৰ এক উপযুক্ত সমাপ্তি বুলিও তেওঁ উল্লেখ কৰে । আনহাতে ব্ৰডক কেৰিয়াৰৰ পৰৱৰ্তী ইনিংছ উপভোগ কৰাৰ শুভেচ্ছা জনাই তেণ্ডুলকাৰে ।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ ডেল ষ্টেইনেও টুইটযোগে ইংলেণ্ডৰ পেচাৰজনৰ প্ৰশংসা কৰে । ব্ৰডে নিজৰ কেৰিয়াৰৰ বাবে অত্যন্ত গৌৰৱান্বিত হোৱা উচিত বুলিও কয় ষ্টেইনে ।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফেও ব্ৰডক তেওঁৰ দৃষ্টান্ত কেৰিয়াৰৰ বাবে প্ৰশংসা কৰে । কাইফে টুইটত লিখিছে, "ষ্টুৱাৰ্ট ব্ৰডৰ অনুপ্ৰেৰণাদায়ক ক্ৰিকেট যাত্ৰাই প্ৰমাণ কৰে যে, স্থিতিস্থাপকতাই সকলোকে জয় কৰে । তেওঁৰ বিৰুদ্ধে এটা অভাৰত ৬ টা ৬ মৰাৰ পাছতো ৬০০ টেষ্ট উইকেট দখল কৰালৈকে ব্ৰডে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অধ্যৱসায়ৰ মনোভাৱ প্ৰদৰ্শন কৰে ।" ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) অধ্যক্ষ অৰুণ সিং ধুমল ঠাকুৰেও টেষ্টত ষ্টুৱাৰ্ট ব্ৰডৰ অপৰিসীম অৱদানৰ বাবে প্ৰশংসা কৰে ।

ঠাকুৰে লিখিছে, "কেৱল ইংলেণ্ড ক্ৰিকেটতে নহয় বিশ্ব ক্ৰিকেটলৈও আপোনাৰ অৱদানৰ বাবে ধন্যবাদ । আপুনি সঁচাকৈয়ে আপোনাৰ চমৎকাৰ কেৰিয়াৰৰ এই সুন্দৰ সমাপ্তিৰ যোগ্য আছিল । আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা ।"

ইয়াৰ মাজতে ব্ৰডৰ বিৰুদ্ধে এটা অভাৰত ৬ টা ৬ মাৰি বিশ্বজুৰি চৰ্চা লাভ কৰা ভাৰতীয় বেটছমেন যুৱৰাজ সিঙেও টুইটযোগে ষ্টুৱাৰ্ট ব্ৰডক প্ৰশংসা কৰে আৰু ভৱিষ্যৎ জীৱনৰ বাবে শুভকামনা জনায় ।

লগতে পঢ়ক :India vs West Indies 3rd ODI : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়া হ'ব সূৰ্যকুমাৰৰ অন্তিম সুযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.