ETV Bharat / sports

India Pak World Cup clash : এদিনৰ ভাড়া ডেৰ লাখ টকা ! ভাৰত-পাক মেচৰ পূৰ্বে আহমেদাবাদত গগণচুম্বী হোটেলৰ ভাড়া

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:24 PM IST

১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগা বিশ্বকাপৰ মেচৰ পূৰ্বে আহমেদাবাদৰ হোটেলৰ ভাড়া আকাশচুম্বী হৈ পৰিছে । আনহাতে, কিছুমান হোটেলৰ সকলো কোঠা বুকিং হৈ গৈছে । আহমেদাবাদ হোটেল এছ'চিয়েচনৰ সভাপতি নৰেন্দ্ৰ সোমানিয়ে ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত চহৰখনৰ হোটেলৰ ভাড়া সন্দৰ্ভত এক আভাস প্ৰদান কৰে ।

India Pak World Cup clash
India Pak World Cup clash

স্পৰ্টছ ডেস্ক, ১২ অক্টোবৰ : ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ বহু প্ৰত্যাশিত মেচত পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে ভাৰত । মেচখনক কেন্দ্ৰ কৰি ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকলৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে । আনহাতে এই উন্মাদনাই হোটেল উদ্যোগকো প্ৰভাৱিত কৰিছে । আহমেদাবাদৰ বিভিন্ন হোটেলৰ কোঠাবোৰৰ ভাড়া আকাশলংঘী হৈ পৰিছে । উল্লেখ্য যে ১,৩২,০০০ দৰ্শকৰ ক্ষমতা থকা ষ্টেডিয়ামখনত যথেষ্ট দৰ্শকৰ ভিৰ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বহু হোটেলৰ লগতে অতিথিশালা ইতিমধ্যে বুকিং কৰা হৈছে ।

আহমেদাবাদৰ হোটেলসমূহৰ মূল্য এটা সময়ত ৫০,০০০ টকালৈকে উঠিছিল । কিন্তু সেই মূল্য এতিয়া ৩০,০০০ টকালৈ হ্ৰাস পাইছে । অৱশ্যে কিছুমান হোটেলে এতিয়াও ১.৫ লাখ টকাকৈ আদায় কৰি আছে ।

"আহমেদাবাদৰ কিছুমান পাঁচতাৰকা হোটেলে এতিয়াও ১.৫ লাখ টকাকৈ আদায় কৰি আছে । এইবোৰ হোটেলত ক্ৰিকেটাৰসকলৰ লগতে বিচিচিআইৰ বিষয়াসকল থাকে । যেতিয়াই কিছুমান কোঠা খালী হয় তেওঁলোকে ভিভিআইপি সদস্যসকলৰ নিৰাপত্তাৰ কথা বিবেচনা কৰি ব্যয়বহুল হাৰত ভাড়া লয় ।" নৰেন্দ্ৰ সোমানীয়ে ইটিভি ভাৰতক এক বিশেষ সাক্ষাৎকাৰত কয় ।

উল্লেখ্য যে ভাৰত-পাকিস্তানৰ মেচৰ সৈতে হোটেলৰ চাহিদা বৃদ্ধি পাব বুলি ধৰি লৈ আৰম্ভণিতে হোটেল ভাড়া ৫০,০০০ টকালৈকে বৃদ্ধি পাইছিল । অৱশ্যে মেচখন নিৰ্ধাৰিত দিনৰ ওচৰ চাপি অহাৰ লগে লগে এই ভাড়া হ্ৰাস পাইছে । কিন্তু সোমানিয়ে কয় যে হোটেলবোৰে এতিয়াও সাধাৰণ ভাড়াতকৈ দুগুণ মূল্য আদায় কৰি আছে ।

"মেচৰ সূচী ঘোষণাৰ পিছত বিদেশৰ পৰা মেচ চাবলৈ আহিবলগীয়া দৰ্শকসকলে আগতীয়াকৈ হোটেল বুকিং কৰিছিল । অৱশ্যে তেওঁলোকে বিমানৰ টিকট বা মেচৰ টিকট নোপোৱাৰ বাবে পিছত ইয়াক বাতিল কৰে । বেছিভাগ হোটেলেই বুকিং কৰা হৈছিল । কিন্তু মেচখনৰ সময় চমু চাপি অহাৰ লগে লগে মূল্য ৩০-৪০%-ৰ ভিতৰত হ্ৰাস হ'ব পাৰে ।" নৰেন্দ্ৰ সোমানিয়ে প্ৰকাশ কৰে ।

উল্লেখ্য যে সোমানিয়ে হোটেলসমূহৰ বৰ্তমানৰ ভাড়াও প্ৰকাশ কৰে । "১৩ অক্টোবৰত ৰেডিয়েন্স ব্লুৰ এটা কোঠাৰ মূল্য আছিল ২৫,০০০ টকা । লগতে হোটেল তাজ উম্মেদে ৪৩,০০০ টকা আদায় কৰি আছে । আনহাতে বস্ত্ৰপুৰৰ হোটেল হায়াটে প্ৰতিদিনে ৩৫,০০০ টকা আদায় কৰি আছে । অৱশ্যে এই মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।" সোমানিয়ে সামৰণিত কয় ।

লগতে পঢ়ক :India vs Pakistan 2023 : ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অপৰাজেয় ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.