স্পৰ্টছ ডেস্ক, 17 আগষ্টঃ শ্ৰীলংকাৰ গালেত নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ আছে প্ৰথমখন টেষ্ট মেচ ৷ বিজে ৱাটলিঙৰ অৰ্ধশতকৰ ফলত 177 ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে নিউজিলেণ্ড দলটোৱে ৷ তৃতীয় দিনৰ অন্তত নিউজিলেণ্ডে দ্বিতীয় ইনিংছত 7 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 195 ৰান ৷ নিউজিলেণ্ডৰ হৈ জিৎ ৰাভেলে 4, টম লেথাম 45, অধিনায়ক কেন উলিয়ামচন 4, ৰছ টেইলৰ 3, হেনৰী নিক্লছ 26, মিটচেল ছেন্টনাৰ 12, টিম ছাউদি 23 ৰান কৰে ৷ আনহাতে বিজে ৱাটলিং অপৰাজিত 63 আৰু উলিয়াম ছমৰভিল অপৰাজিত 5 ৰান কৰি ক্ৰীজত বৰ্তি আছে ৷
শ্ৰীলংকাৰ হৈ লাছিথ ইমবুলডেনিয়াই 4 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ নিউজিলেণ্ডে ইয়াৰ পূৰ্বে নিজৰ প্ৰথম ইনিংছত ৰছ টেইলৰৰ 86 ৰানৰ ফলত সংগ্ৰহ কৰিছিল 249 ৰান ৷ ইপিনে শ্ৰীলংকাই প্ৰথম ইনিংছত 267 ৰান কৰি 18 ৰানৰ অগ্ৰগতি ল’বলৈ সক্ষম হৈছিল ৷ নিউজিলেণ্ডৰ হৈ আজেজ পটেলে 33 অভাৰত 89 ৰান দি 5 টা, উলিয়াম ছমৰভিলেই 3 টা, ট্ৰেণ্ট বল্টে 2 টা উইকেট দখল কৰিছিল ৷