স্প’ৰ্টছ ডেস্ক, 26 অক্টোবৰ : IPL ত সংযোজন ঘটিল দুটাকৈ নতুন দলৰ ৷ নতুনকৈ সংযোজিত দল দুটা হ’ল আহমেদাবাদ আৰু লক্ষ্ণৌ ৷ অৰ্থাৎ পৰৱৰ্তী সংস্কৰণৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আঠটাৰ বিপৰীতে দেখিবলৈ পোৱা যাব দহটা দলক ৷
সোমবাৰে (25 অক্টোবৰ)ত ডুবাইৰ তাজ হোটেলত সম্পন্ন হয় ইয়াৰ নিলাম প্ৰক্ৰিয়া ৷ আৰ পি সঞ্জীৱ গোয়েংকা গ্ৰুপ হ’ল লক্ষ্ণৌ দলটোৰ গৰাকী আৰু চিভিচি কেপিটেল পাৰ্টনাৰ হ’ল আহমেদবাদ দলটোৰ গৰাকী ৷
সঞ্জীৱ গোয়েংকাৰ আৰ পি এছ জি গ্ৰুপে 7090 কোটি টকাত লক্ষ্ণৌ দলটোক ক্ৰয় কৰে ৷ আনহাতে, আহমেদাবাদক 5625 কোটি টকাত ক্ৰয় কৰে চি ভি চি কেপিটেলে ৷
ITT দস্তাবেজত নিৰ্ধাৰিত কৰা অনুসৰি নিবিদাৰ পৰৱৰ্তী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব দুয়োটা দলে । আই পি এল 2022 সংস্কৰণত দহটা দল থাকিব আৰু ইয়াত 74 খন মেচ থাকিব, য'ত প্ৰতিটো দলে 7 খন ঘৰুৱা আৰু 7 খন দুৰৱৰ্তী মেচ খেলিব ।
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে দুয়োটা দলকে আই পি এলৰ পৰিয়াললৈ স্বাগতম জনায় ৷ লগতে তেওঁ দুয়োটা দলৰ গৰাকীকো শুভেচ্ছা জ্ঞাপন কৰে ৷ "এতিয়াৰে পৰা আই পি এল আৰু দুখন চহৰলৈ যাব অৰ্থাৎ লক্ষ্ণৌ আৰু আহমেদবাদলৈ" কয় সৌৰভ গাংগুলীয়ে ৷
উল্লেখ্য যে, আই পি এলৰ প্ৰথমটো সংস্কৰণ আৰম্ভ কৰা হৈছিল 2008 চনত ৷ প্ৰথম সংস্কৰণৰ পিছতে আই পি এল যথেষ্ট সমাদৰ লাভ কৰে আৰু বৰ্তমান সময়ত ই বিশ্বৰ সৰ্বাধিক চোৱা খেলৰ ভিতৰত এটা হৈ পৰিছে ৷ চেন্নাই চুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, কলকাতা নাইট ৰাইডাৰ্ছ, দিল্লী কেপিটেলছ, চানৰাইজাৰ্ছ হায়দৰাবাদ, পঞ্জাৱ কেপিটেলছ, ৰাজস্থান ৰয়েলছ আই পি এলৰ জন্মলগ্নৰে পৰা ইয়াৰ সৈতে জড়িত হৈ আছে ৷
হায়দৰাবাদৰ ফ্ৰেঞ্চাইজীৰ পূৰ্বৰ নাম আছিল ডেক্কেন চাৰ্জাছ কিন্তু দলটোৰ গৰাকী সলনি হোৱাত ইয়াৰ নাম সলনি কৰি চানৰাইজাৰ্ছ হায়দৰাবাদ কৰা হয় ৷ 2010 চনত, দুটা নতুন ফ্ৰেঞ্চাইজি-পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া আৰু কোচি টাস্কাৰ্ছ কেৰালাই 2011 চনত চতুৰ্থ ছিজনৰ আগতে লীগত যোগদান কৰিছিল আৰু কিছু সময়ৰ বাবে লীগত দহটা দলে খেলিছিল ।
ইয়াৰ এবছৰ পিছত অৰ্থাৎ ২০১১ চনৰ নৱেম্বৰত ঘোষণা কৰা হৈছিল যে বিচিচি আইৰ চৰ্তাৱলী "উলংঘা" কৰাৰ বাবে কোচি টাস্কাৰ্ছ কেৰালাৰ পক্ষক বাতিল কৰা হ'ব । পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়াই ২০১৩ চনত ব’ৰ্ডৰ সৈতে তকা বিত্তীয় পাৰ্থক্যৰ বাবে আই পি এলৰ পৰা প্ৰত্যাহাৰ কৰিছিল ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় ৱাটাৰ প'ল' দলত স্থান লাভ সোণাৰিৰ দুগৰাকী খেলুৱৈ