স্পৰ্টছ ডেস্ক,২০ ফেব্ৰুৱাৰী: ত্ৰিপুৰাৰ ক্ৰীড়াজগতৰ বাবে এটা ভাল খবৰ । ত্ৰিপুৰা ঘৰুৱা ক্ৰিকেটৰ ১৬ বছৰ অনুৰ্ধৰ দলৰ খেলুৱৈ উৎকৰ্ষ সিঙক দেখা যাব আগন্তুক ২০২১ বৰ্ষৰ আই পি এলত । আই পি এলৰ অন্যতম দল কিংগছ ইলেভেন পঞ্জাৱত অন্তৰ্ভূক্ত হৈছে উৎকৰ্ষ সিঙ । শেহতীয়াকৈ হৈ যোৱা খেলুৱৈসকলৰ নিলাম প্ৰক্ৰিয়াত ঘৰুৱা ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পঞ্জাৱ দলৰ বাবে উৎকৰ্ষক বাছনি কৰা হৈছে । বৰ্তমান ঝাৰখণ্ড দলৰ হৈ খেলি আছে উৎকৰ্ষ সিং ।
শীৰ্ষ আৰক্ষী বিষয়া ৰাজীৱ সিঙৰ পুত্ৰ উৎকৰ্ষে ২০১২ চনত ত্ৰিপুৰাৰ ঘৰুৱা দলক প্ৰতিনিধিত্ব কৰিছিল । শেহতীয়াকৈ হৈ যোৱা ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা উৎকৰ্ষ সিঙে ২০১৭-১৮ চনত ঝাৰখণ্ডৰ হৈ ৰঞ্জি ট্ৰফী দলত অন্তৰ্ভূক্ত হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত প্ৰৱেশ কৰিছিল । ২০১৮ চনৰ বিজয় হাজাৰে ট্ৰফীৰ বাবেও ঝাৰখণ্ডৰ হৈ তেওঁ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিল আৰু একে বছৰতে উৎকৰ্ষ সিঙে প্ৰথম শ্ৰেণী ক্ৰিকেট প্ৰথম শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।
২০১৯ চনত চৈয়দ মোস্তাক আলী ট্ৰফীত ঝাৰখণ্ডৰ হৈ প্ৰথমখন টি-২০ খেলিছিল । এসময়ত ত্ৰিপুৰা দলৰ হৈ খেলা ক্ৰিকেটাৰ গৰাকী আই পি এলত অন্তৰ্ভূক্ত হোৱাৰ লগে লগে এতিয়া যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ত্ৰিপুৰাত ।