ETV Bharat / sports

Breaching IPL code of conduct : ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হেনৰিক ক্লাছেনক জৰিমনা - Sunrisers Hyderabad

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আচৰণ বিধি ভংগৰ অভিযোগত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ হেনৰিক ক্লাছেনক জৰিমনা (IPL fined Heinrich Klaasen)। খেলুৱৈগৰাকীক মেচৰ মাচুলৰ ১০ শতাংশ জৰিমনা । লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধে শনিবাৰে হোৱা খেলত আইপিএলৰ নিৰ্দিষ্ট আইন ভংগৰ অভিযোগ আছিল ক্লাছেনৰ বিৰুদ্ধে ।

Breaching IPL code of conduct
চানৰাইজাৰ্ছ হায়দৰাবাদৰ হেনৰিক ক্লাছেনক জৰিমনা
author img

By

Published : May 14, 2023, 1:05 PM IST

স্পৰ্টছ ডেস্ক,১৪ মে': ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উইকেটকীপাৰ বেটছমেন হেনৰিক ক্লাছেনক জৰিমনা (IPL fined Heinrich Klaasen)। খেলুৱৈগৰাকীৰ বিৰুদ্ধে মেচৰ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) আচৰণ বিধি ভংগ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে আইপিএল কৰ্তৃপক্ষই (IPL code of conduct)।

শনিবাৰে হৈ যোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মাজৰ খেলৰ সময়ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) আচৰণ বিধি ভংগ কৰাৰ বাবে ক্লাছেনক জৰিমনা বিহা হৈছে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ পাছতে আই পি এলে এক আনুষ্ঠানিক বিবৃতিত এই কথা ঘোষণা কৰিছে ।

খেলখনত লক্ষ্ণৌ চুপাৰ জায়েন্টছ দলে ছানৰাইজাৰ্ছৰ বিৰুদ্ধে ৭ উইকেটত জয়ী হয় (SRH vs LSG 2023)। আই পি এল কৰ্তৃপক্ষই বিবৃতিত কৈছে যে ক্লাছেনে অনুচ্ছেদ ২.৭ ৰ অধীনত লেভেল ১ ত অপৰাধ কৰিছে । অনুচ্ছেদ ২.৭ ৰ অধীনত আই পি এলৰ আচৰণ বিধি অনুসৰি ৰাজহুৱা সমালোচনা/অনুপযুক্ত মন্তব্য অন্তৰ্ভুক্ত কৰা হৈছে । আচৰণ বিধিৰ লেভেল ১ উলংঘনৰ বাবে মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক বুলি কোৱা হৈছে ।

ছানৰাইজাৰ্ছৰ প্ৰথম ইনিংছৰ ১৯ তম অভাৰত অনুৰাগী আৰু এলএছজি ডাগ আউটৰ মাজত বিবাদ হৈছিল । ঘটনাটো সংঘটিত হৈছিল যেতিয়া আম্পায়াৰে আব্দুল শ্বামাদৰ বিৰুদ্ধে আবেশ খানৰ এটা কঁকালৰ ওপৰৰ বলত নো-বল অস্বীকাৰ কৰা হৈছিল (No ball DRS controversy)।

প্ৰথম অৱস্থাত খেলপথাৰৰ আম্পায়াৰে এইটো নো-বল বুলি গণ্য কৈছিল । কিন্তু লক্ষ্ণৌৱে সিদ্ধান্তটোত ডিআৰএছ লৈছিল । বিষয়টো তৃতীয় আম্পায়াৰৰ ওচৰলৈ গৈছিল আৰু প্ৰাৰম্ভিক সিদ্ধান্তটোৰ বিৰুদ্ধে সিদ্ধান্ত দিছিল । যাৰ বাবে অনুৰাগীৰ লগতে এছআৰএইচ বেটছমেন হেনৰিক ক্লাছেন ক্ষুব্ধ হৈছিল । দক্ষিণ আফ্ৰিকাৰ বেটছমেনজনে এনিমেটেড ধৰণে সিদ্ধান্তটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আম্পায়াৰৰ ওচৰলৈ গৈছিল ।

খেলপথাৰৰ সকলোৱে সিদ্ধান্তটো মানি লৈছিল যদিও লক্ষ্ণৌ দলৰ সদস্যসকলে ভিৰৰ ফালে আঙুলিয়াই দিয়া দেখা গৈছিল (SRH vs LSG match controversy)। অনুৰাগীসকলক উত্তেজিত কৰা প্ৰকৃত ঘটনাটো প্ৰকাশ কৰা হোৱা নাই যদিও অনুৰাগীসকলে এলএছজি ডাগআউটত নাট আৰু ব'ল্ট নিক্ষেপ কৰাৰ দাবী কৰা হৈছিল । খেলপথাৰৰ আম্পায়াৰে হস্তক্ষেপ কৰাৰ পাছত খেলখন কেইমিনিটমানৰ বাবে বন্ধ কৰি দিয়া হয় ।

লগতে পঢ়ক :IPL 2023 : ছান ৰাইজাৰ্ছৰ হায়দৰাবাদৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.