ETV Bharat / sports

সুখবৰ : পুনৰ আৰম্ভ হ’ব IPL - আই পি এল পুনৰ আৰম্ভ

19 ছেপ্তেম্বৰৰ পৰা পুনৰ অনুষ্ঠিত হ’ব আই পি এল (IPL)ৰ বাকী থকা মেচসমূহ ৷ আই চি চি টি-20 বিশ্বকাপ (ICC T20 World Cup) আৰম্ভ হোৱাৰ ঠিক দুদিন পূৰ্বে অৰ্থাৎ 15 অক্টোবৰত অনুষ্ঠিত হ’ব আই পি এলৰ চূড়ান্ত মেচখন ৷

IPL resumes
পুনৰ আৰম্ভ হ’ব IPL
author img

By

Published : Jul 25, 2021, 10:34 PM IST

স্প’ৰ্টছ ডেস্ক, 25 জুলাই : 19 ছেপ্তেম্বৰৰ পৰা UAE ত পুনৰ অনুষ্ঠিত হ’ব আই পি এল (IPL)ৰ বাকী থকা মেচসমূহ ৷ 19 ছেপ্তেম্বৰত ডুবাইত হ’বলগীয়া মেচখনত মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians)ৰ সৈতে মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ (Chennai Super Kings) ৷ ক’ভিড (Covid)সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আই পি এল আৰম্ভ হোৱাৰ পাচতে মাজভাগত স্থগিত ৰখা হৈছিল টুৰ্ণামেণ্ট (Tournament) ৷ এক সূত্ৰই জনোৱা মতে, 19 ছেপ্তেম্বৰৰ পৰা পুনৰ আৰম্ভ হোৱা আই পিল এলৰ 19 অক্টোবৰত অৰ্থাৎ আই চি চি টি-20 বিশ্বকাপ (ICC T20 World Cup) আৰম্ভ হোৱাৰ ঠিক দুদিন পূৰ্বে অনুষ্ঠিত হ’ব চূড়ান্ত মেচখন ৷

আই পি এল কৰ্তৃপক্ষই কয় যে, 10 অক্টোবৰত অনুষ্ঠিত হ’ব প্ৰথমখন কোৱালিফায়াৰ (Qualifier) মেচ ৷ আনহাতে 11 অক্টোবৰত এলিমিনেটৰ (Eliminator) মেচ আৰু 13 অক্টোবৰত অনুষ্ঠিত হ’ব দ্বিতীয়খন কোৱালিফায়াৰ মেচ ৷ আই পি এলৰ দলসমূহৰ সদস্যসকলৰ বাবে প্ৰযোজ্য হোৱা UAEৰ কোৱাৰেণ্টাইন (Quarantine)ৰ নিয়মাৱলী আৰু প্ৰট’কল অন্য দেশৰ পৰা প্ৰৱেশ কৰাসকলৰ বাবেও প্ৰযোজ্য হ’ব ৷ ডুবাই, শ্বাৰজাহ আৰু আবু ধাবী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বাকী থকা 31 খন মেচ দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷

আই পি এলত ভাগ ল’বলগীয়া ভাৰতীয় আৰু ইংলেণ্ডৰ খেলুৱৈসকলে 15 ছেপ্তেম্বৰত মানচেষ্টাৰৰ পৰা ডুবাই অভিমুখে যাত্ৰা কৰিব ৷

লগতে পঢ়ক : টকিঅ’ অলিম্পিক: অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰতীয় পুৰুষ হকী দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.