ETV Bharat / sports

IPL 2023 GT vs MI: গুজৰাটৰ বিৰুদ্ধে মুম্বাইৰ জয়; সূৰ্যকুমাৰৰ শতক; অথলে গ'ল ৰছিদৰ চেষ্টা - IPL 2023

সূৰ্যকুমাৰ যাদৱৰ শতকৰ সহায়ত গুজৰাট টাইটানছক 219 ৰাণৰ লক্ষ্য বান্ধি দিলে মুম্বাই ইণ্ডিয়ানছে (IPL 2023 GT vs MI) ৷

IPL 2023 GT vs MI
IPL 2023 GT vs MI
author img

By

Published : May 12, 2023, 10:07 PM IST

Updated : May 13, 2023, 8:28 AM IST

নিউজ ডেস্ক, 12 মে’: এখন শ্বাসৰুদ্ধকাৰী খেলত শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছে 27 ৰাণত পৰাস্ত কৰে গুজৰাট টাইটানছক । প্ৰথমে খেলখনত মুম্বাই জয়ী হ’ব বুলি দৰ্শক একপ্ৰকাৰ নিশ্চিত হৈছিল যদিও গুজৰাট টাইটানছৰ স্পিনষ্টাৰ ৰছিদ খানৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শনে কিছু মুহূৰ্তৰ বাবে চিন্তিত কৰি তুলিছিল মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাৰ লগতে বাকীসকল খেলুৱৈ আৰু এম আইৰ সমৰ্থকক । প্ৰথম ইনিংছত চাৰিটাকৈ উইকেট দখলেৰে বলিঙৰ যাদু দেখুওৱা ৰছিদ খানে বেটিঙতো দেখুৱালে নিজৰ পাৰদৰ্শিতা । মাত্ৰ 32 টা বল খেলি 10 টা অভাৰ বাউণ্ডেৰী আৰু 3 টা বাউণ্ডেৰী কোবাই ৰছিদে 79 ৰাণ কৰে ।

মুম্বায়ে বান্ধি দিয়া 219 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা গুজৰাট দলে 55 ৰাণত পাঁচটাকৈ উইকেট হেৰুৱাই বিপদত পৰে । পূৰ্বৰ মেচত সুন্দৰ প্ৰদৰ্শনেৰে গুজৰাট দলক বিজয় উপহাৰ দিয়া বেটছমেন কেইজন আজিৰ খেলত ব্যৰ্থ হয় ৰাণ কৰাত । কিন্তু মিলাৰৰ 41 ৰাণ আৰু অপ্ৰতিৰোধ্য হৈ পৰা ৰছিদ খানৰ 79 ৰাণে গুজৰাটক এক লজ্জাজনক পৰাজয়ৰ পৰা কিছু হ’লেও সকাহ দিয়ে । অৱশ্যে আজিৰ খেলত পৰাজয় হ’লেও পইন্ট তালিকাত শীৰ্ষতে আছে গুজৰাট টাইটানছ । আনহাতে তালিকাৰ তৃতীয় স্থানত আছে মুম্বাই ।

হাৰ্দিক পাণ্ডিয়া: আমি প্ৰথমে বলিং কৰিম । দেখাত ভাল উইকেট, নিয়ৰে প্ৰভাৱ পেলাব পাৰে, গতিকে টাৰ্গেট অনুসৰণ কৰাতো ভাল হ’ব । আমি প্ৰতিখন খেলৰ গুৰুত্ব উপলব্ধি কৰোঁ, মাত্ৰ আমাৰ পৰিকল্পনাত অটল থাকিব লাগিব আৰু ভাল ক্ৰিকেট খেলিব লাগিব । আপোনাৰ লোকচানৰ পৰা শিক্ষা লোৱাটো গুৰুত্বপূৰ্ণ, শুধৰণি কৰিব লাগে আৰু পুনৰাবৃত্তি হ’বলৈ দিব নালাগে । ইমান দীঘলীয়া প্ৰতিযোগিতাত ভুল হোৱাতো স্বাভাৱিক । আমাৰ আঘাতৰ প্ৰতি ভগৱানে দয়ালু হৈ আহিছে । দলত কোনো পৰিৱৰ্তন কৰা নাই (GT vs MI match report)।

ৰোহিত শৰ্মা: আমিও একে কামেই কৰিলোঁহেঁতেন ৷ সঁচাকৈয়ে ভাল বেটিং আৰু বলিং কৰিব লাগিব । যোৱা কেইখনমান খেলত প্ৰদৰ্শন সুন্দৰ হৈছে । আমি এই মুহূৰ্তত ক’ত থিয় দিছোঁ সেয়া বুজি পাওঁ, মাত্ৰ হাতত থকা খেলখনত গুৰুত্ব দিওঁ । আঘাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই আদৰ্শ হোৱা নাই যদিও আমি ইয়াৰ সৈতে মোকাবিলা কৰিব লাগিব ৷ আমাৰ খেলুৱৈসকলে সেইটোৱেই কৰিছে । আমি বাহ্যিক কাৰকে আমাক প্ৰভাৱিত কৰিবলৈ নিদিয়াৰ কথা কৈছো । আমি যোৱা খেলখনৰ দৰেই একেটা দলেৰেই খেলিছোঁ (GT vs MI live blog)।

মুম্বাই ইণ্ডিয়ানছ: ঈশান কিষাণ (Wk), ৰোহিত শৰ্মা(C), কেমেৰন গ্ৰীণ, সূৰ্যকুমাৰ যাদৱ, নেহাল ৱাধেৰা, টিম ডেভিদ, ক্ৰীছ জৰ্ডান, বিষ্ণু বিনোদ, পীযুষ চাওলা, জেছন বেহৰেণ্ডৰ্ফ, কুমাৰ কাৰ্তিকেয়া ।

গুজৰাট টাইটানছ: ঋদ্ধিমান সাহা (Wk), বিজয় শংকৰ, হাৰ্দিক পাণ্ডিয়া (C), ডেভিদ মিলাৰ, ৰাহুল তেৱাটিয়া, অভিনৱ মনোহৰ, মোহিত শৰ্মা, ৰছিদ খান, মহম্মদ ছামি, আলজাৰী জোচেফ, নূৰ আহমদ ।

লগতে পঢ়ক: IPL fastest fifty : আইপিএলত যশস্বী জয়ছোৱালৰ অভিলেখ

Last Updated : May 13, 2023, 8:28 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.