নিউজ ডেস্ক, 1 মে’: লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত অনুষ্ঠিত হয় আই পি এলৰ সোমবাৰৰ মেচখন ৷ দুৰ্বল বেটিং প্ৰদৰ্শনৰ বাবে অতিকম ৰাণ লক্ষ্যৰ স্বত্বেও বিজয়ী হ’বলৈ সক্ষম নহ’ল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৷ 126 ৰাণৰ লক্ষ্য লৈ বেটিং আৰম্ভ কৰা দলটোৱে নিয়মিত গতিত উইকেট হেৰুৱাবলৈ ধৰে ৷ কৃষ্ণাপ্পা গৌতমে সৰ্বাধিক 23 ৰাণ, পাণ্ডিয়াই 14, ষ্টইনিছে 13, অমিত মিশ্ৰাই 19, নবীন উল হকে 13 ৰাণ কৰাৰ বাহিৰে বাকী বেটছমেনসকলে বিশেষ ৰাণ কৰিবলৈ সক্ষম নহ’ল ৷ 19.5 অভাৰত 108 ৰাণত অল আউট হয় লক্ষ্ণৌ ৷ ফলত 18 ৰাণথ জয়লাভ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (IPL 2023 RCB Vs LSG)৷
ইয়াৰ পূৰ্বে টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ অপেনাৰ কোহলী আৰু ডু প্লেছিছে সুন্দৰ আৰম্ভণি কৰে যদিও কোহলী আউট হোৱাৰ পাচতে নিয়মীয়া গতিত উইকেট হেৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ বিটাত কোহলীয়ে 31, ডু প্লেছিছে 44 আৰু দিনেশ কাৰ্তিকে 16 ৰাণ কৰাৰ বাহিৰে কোনো এজন বেটছমেনে দহক ঘৰত ৰাণ কৰিবলৈ সক্ষম নহ’ল (LSG vs RCB match details) ৷
নিৰ্ধাৰিত 20 অভাৰত 9 উইকেট হেৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 126 ৰাণ সংগ্ৰহ কৰে ৷ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নবীন উল হকে 3 টা, বিষ্ণৈ আৰু মিশ্ৰাই 2 টাকৈ উইকেট দখল কৰে (IPL news updates) ৷
ইফালে 127 ৰাণৰ লক্ষ্য লৈ খেল আৰম্ভ কৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা দেখা গৈছে ৷ 38 ৰাণতে 5 টাকৈ উইকেট হেৰুওৱাইছে লক্ষ্ণৌৱে ৷ ফিল্ডিঙৰ সময়ত আঘাত প্ৰাপ্ত হোৱাৰ বাবে অপেনিং কৰিবলৈ অহা নাই অধিনায়ক কে এল ৰাহুল ৷ বৰ্তমানলৈকে পইন্ট তালিকাত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দ্বিতীয় স্থানত আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ষষ্ঠ স্থানত আছে (IPL 2023 RCB vs LSG match) ৷
দুয়োটা দলৰ খেলুৱৈৰ তালিকা:
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু: বিৰাট কোহলী (অধিনায়ক), মহিপাল লোমৰোৰ, গ্লেন মেক্সৱেল, অনুজ ৰাৱট, দিনেশ কাৰ্তিক (Wk), ৱানিন্দু হাচাৰঙ্গা, সুয়াশ প্ৰভুদেশাই, বিজয়কুমাৰ বৈসাখা, জছ হেজলউড, মহম্মদ চিৰাজ, হৰ্ষল পেটেল ।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ: কে এল ৰাহুল (অধিনায়ক), কাইল মেয়াৰ্ছ, মাৰ্কাছ ষ্টইনিছ, দীপক হুডা, ক্ৰুণাল পাণ্ডিয়া, নিকোলাছ পুৰাণ(Wk), আয়ুষ বাডোনি, কে গৌতম, নবীন-উল-হক, ৰবি বিষ্ণৈ, যশ ঠাকুৰ।
লগতে পঢ়ক: IPL 1000th match: ৱাংখেড়েত আই পি এলৰ 1000 সংখ্যক খেলত ৰাজস্থানৰ বিৰুদ্ধে 6 উইকেটত জয়ী মুম্বাই