ETV Bharat / sports

IPL 2023 RR vs PK: ডাৱৰীয়া বতৰে বিঘিনি জন্মাব পাৰে বৰ্ষাপাৰাত হ’বলগীয়া আই পি এল মেচত !

author img

By

Published : Apr 4, 2023, 3:47 PM IST

Updated : Apr 4, 2023, 4:08 PM IST

খেলৰ বাবে অনুকূল হৈ থকা নাই অসমৰ বতৰ ৷ ঠায়ে ঠায়ে বৰষুণ, ধুমুহা-শিলাবৃষ্টি লগতে গাজনি-ঢেৰেকনিয়ে বৰ্তমান অসমৰ বতৰ ঠাণ্ডা কৰি ৰাখিছে ৷ সেয়ে বুধবাৰৰ আই পি এলৰ খেলখনত ডাৱৰীয়া বতৰে বিধি-পথালি দিয়াৰ সম্ভৱনা আহি পৰিছে (IPL 2023 RR vs PK) ৷

IPL 2023 RR vs PK
আই পি এলৰ আপডেট

গুৱাহাটী, 4 এপ্ৰিল : বতৰে বিধি-পথালি দিয়াৰ সম্ভৱনাই গা কৰি উঠিছে কাইলৈ অৰ্থাৎ বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেচখনত । কাৰণ ডাৱৰীয়া হৈ থাকিব গুৱাহাটীৰ আকাশ । অহা 24 ঘন্টাত দুই-এজাক বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা 8 এপ্ৰিললৈকে গুৱাহাটীৰ বতৰ ডাৱৰীয়া হৈ থাকিব (Assam weather report) ।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা 24 ঘন্টাত অসমৰ বিভিন্ন ঠাইত বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ লগতে 30/40 কিলোমিটাৰ বেগত বতাহ বলিব । যাৰ বাবে এতিয়া কাইলৈ অৰ্থাৎ বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেলত বতৰে বিধি-পথালি দিয়াৰ সম্ভৱনা গা কৰি উঠিছে । ক্ৰিকেট অনুৰাগীসকল এই কথাক লৈ চিন্তিত হৈ পৰিছে (IPL 2023 RR vs PK) ৷

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখন খেলৰ প্ৰথমখনৰ বাবে সোমবাৰে মহানগৰীত উপস্থিত হৈছে ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছ । দুয়োটা দল বৰ্তমান ৰেডিশ্বন ব্লুত আছে । ৫ এপ্ৰিলত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আই পি এলৰ খেল (IPL 2023 in Guwahati) । ৰাজস্থান ৰয়েলছে এইবাৰ দুখন মেচৰ বাবে মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামক তেওঁলোকৰ ‘হোমগ্ৰাউণ্ড’ হিচাপে নিৰ্বাচিত কৰিছে । ইয়াৰে প্ৰথমখন মেচ ৫ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ ৮ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে (IPL 2023 match schedule) ।

ইয়াৰ আগেয়েও ৰাজস্থান ৰয়েলছে গুৱাহাটীত আই পি এলৰ মেচ খেলাৰ পৰিকল্পনা কৰিছিল যদিও মহামাৰী ক’ভিড-১৯ ৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল । ইতিমধ্যে এই মেচ দুখনৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়াম ন-ৰূপত সজাই পৰাই তুলিছে ৰাজস্থান ৰয়েলছে (IPL 2023) । খেলুৱৈৰ হৰ্ডিং লগাইছে মহানগৰীৰ বিভিন্ন স্থানত । ইয়াৰ লগতে আই পি এলৰ দলটোৱে মহানগৰীত টিকট বিক্ৰীৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে ফাঁচী বজাৰতো দৰ্শকৰ বাবে টিকট বিক্ৰী কৰিছে ৰাজস্থান ৰয়েলছে । দুয়োটা দলে আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰে । উল্লেখ্য যে, প্ৰথমখন মেচ সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন 8 এপ্ৰিলত বিয়লি ৩.৩০ বজাৰপৰা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : IPL Match in Guwahati : গুৱাহাটীত আইপিএলৰ মেচ চাব নেকি ? জানি লওক পথ নিৰ্দেশনা

Last Updated : Apr 4, 2023, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.