স্পৰ্টছ ডেস্ক, ১৮ ডিচেম্বৰ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ প্ৰস্তুতি আৰম্ভ হৈছে । মঙলবাৰে অৰ্থাৎ ১৯ ডিচেম্বৰত দুবাইত অনুষ্ঠিত হ’ব এই নিলাম । এই নিলামৰ বাবে ৩৩৩ গৰাকী খেলুৱৈয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে । ইয়াৰে ২১৪জন ভাৰতীয় খেলুৱৈ হোৱাৰ বিপৰীতে ১১৯জন বিদেশী খেলুৱৈ । আইচিচিৰ ২ খন সহযোগী দেশৰ খেলুৱৈকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । এই খেলুৱৈসকলৰ ভিতৰত ১১৬জন কেপড খেলুৱৈ আৰু ২১৫ জন আনকেপড খেলুৱৈ । এইবাৰ সলনি কৰা হৈছে আই পি এলৰ নিলামৰ সময় ।
নিলামৰ সময় সলনি: এই নিলাম পূৰ্বে মঙলবাৰে দুপৰীয়া ২.৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । এতিয়া এই নিলাম স্থানীয় সময় অনুসৰি পুৱা ১১.৩০ বজাত দুবাইৰ কোকা কোলা এৰিনা ষ্টেডিয়ামত আৰম্ভ হ’ব । ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত এই নিলামসমূহ চাব পাৰিব । এই নিলামসমূহ স্প’ৰ্টছ ১৮ত টেলিকাষ্ট কৰা হ’ব । আনহাতে এই নিলামৰ লাইভ ষ্ট্ৰীমিং Jio Cinema app ত দেখা যাব । এই নিলামত ফ্ৰেঞ্চাইজিসমূহৰ বাবে খেলুৱৈৰ মুঠ ৭৭ টা স্থান খালী হৈ আছে । এনে পৰিস্থিতিত অংশ লোৱা ৩৩৩ জনৰ ভিতৰত মাত্ৰ ৭৭ গৰাকী খেলুৱৈয়েহে স্থান লাভ কৰিব ।
-
IPL 2024 Player Auction List Announced ✅
— IndianPremierLeague (@IPL) December 11, 2023 " class="align-text-top noRightClick twitterSection" data="
Here are the Numbers You Need To Know 🔽#IPLAuction | #IPL pic.twitter.com/WmLJMl3Ybs
">IPL 2024 Player Auction List Announced ✅
— IndianPremierLeague (@IPL) December 11, 2023
Here are the Numbers You Need To Know 🔽#IPLAuction | #IPL pic.twitter.com/WmLJMl3YbsIPL 2024 Player Auction List Announced ✅
— IndianPremierLeague (@IPL) December 11, 2023
Here are the Numbers You Need To Know 🔽#IPLAuction | #IPL pic.twitter.com/WmLJMl3Ybs
কোন কোন খেলুৱৈৰ ওপৰত গুৰুত্ব দিয়া হ’ব: অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেন ট্ৰেভিছ হেড আৰু নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ৰচিন ৰবীন্দ্ৰৰ বিনিময়ত উচ্চ মূল্য পৰিশোধ কৰিবলগীয়া হ’ব পাৰে ফ্ৰেঞ্চাইজিবোৰে। ইয়াৰ উপৰিও ইংলেণ্ডৰ ছেম কৰণ আৰু অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কৰ ওপৰতো অধিক দৰদামৰ সম্ভাৱনা আছে । নিউজিলেণ্ডৰ ডেৰেল মিচেলেও এই নিলামত উচ্চ মূল্য লাভ কৰাৰ সম্ভাৱনা আছে ৷ ভাৰতীয় খেলুৱৈৰ মাজত টিম ইণ্ডিয়াৰ বেগী বলিং অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰৰ বাবে ডাঙৰ দৰদামৰ সম্ভাৱনা আছে । ইয়াৰ সমান্তৰালকৈ হৰ্ষল পেটেলকো ফ্ৰেঞ্চাইজিৰ পৰাও বৃহৎ পৰিমাণৰ ধন দিব পাৰে ।
লগতে পঢ়ক: আইপিএলৰ নিলামত সকলোৰে দৃষ্টি থাকিব এই কেইজন খেলুৱৈৰ ওপৰত