ETV Bharat / sports

পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি বেংগালুৰৰ বিৰুদ্ধে কলকাতা

আইপিএলৰ 39 সংখ্যক মেচত আজি মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি বেংগালুৰৰ বিৰুদ্ধে নামিব কলকাতা ৷

author img

By

Published : Oct 21, 2020, 1:37 PM IST

আইপিএল 2020
বেংগালুৰ বনাম কলকাতা

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ : আইপিএলৰ 39 সংখ্যক মেচত আজি মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দল ৷ পূৰ্বৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয় সাব্য়স্ত কৰা কলকাতা দলে এই মেচতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ চেষ্টা চলাব ৷

হায়দৰাবাদৰ বিৰুদ্ধে জয়ত কলকাতা দলৰ হৈ নিউজিলেণ্ডৰ বলাৰ লকি ফাৰ্গুছনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ ফাৰ্গুছনে চাৰি অ'ভাৰত 15 ৰাণ দি দখল কৰিছিল তিনিটাকৈ উইকেট ৷ কলকাতাৰ পেচাৰ কামিনছে উইকেট দখল কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে ছিজনৰ প্ৰথমখন মেচতে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় ফাৰ্গুছনে ৷

আন্দ্ৰে ৰাছেলৰ ফৰ্মক লৈও চিন্তিত হৈ আছে অধিনায়ক ইয়ন মৰ্গান ৷ কলকাতা দলৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা কেৰিবিয়ান অল ৰাউণ্ডাৰগৰাকীয়ে বেটিঙেৰে প্ৰভাৱ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই ৷ দলটোলৈ পুনৰ সুনীল নাৰায়নক উভতাই অনা হয় নে নহয় সেয়াও গুৰুত্বপূৰ্ণ হ'ব ৷ 116 খন মেচত 127 টা উইকেট দখল কৰা সুনীল নাৰায়ন হৈছে কলকাতা দলৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ ৷

আইপিএল 2020
কলকাতা নাইট ৰাইডাৰ্ছ

আনহাতে, বেংগালুৰ দলৰ অপেনাৰ দেৱদত্ত পাডিক্কালস এৰন ফিন্স, এবিডি ভিলিয়াৰ্ছ আৰু অধিনায়ক বিৰাট কোহলীয়ে বেটিঙত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ এই ছিজনৰ প্ৰাৰম্ভিক পৰ্যায়ত বেটিঙত সংগ্ৰাম কৰা অধিনায়ক কোহলীয়ে বৰ্তমান সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰাত সফল হৈছে ৷ আনহাতে, নিজৰ আক্ৰমণাত্মক বেটিংশৈলী অব্যাহত ৰাখিছে ভিলিয়াৰ্ছে ৷

পূৰ্বৰ মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 22 বলত 55 ৰাণ সংগ্ৰহ কৰিছিল ভিলিয়াৰ্ছে ৷ বেংগালুৰ দলৰ সৰ্বাধিক উইকেট দখলকাৰী য়ুজবেন্দ্ৰ চাহালে 92 খন মেচত সংগ্ৰহ কৰিছে 113 টাকৈ উইকেট ৷ দলৰ স্পীন আক্ৰমণত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াৱা চাহালক সমৰ্থন আগবঢ়াই আহিছে ৱাশ্বিংটন সুন্দৰে ৷ এই মেচত বেংগালুৰ দলে ফেভাৰেট হিচাপে বিবেচিত হ'লেও কলকাতা দলে পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ চেষ্টা কৰাৰ লগতে পইন্ট তালিকাত নিজৰ স্থান উন্নত কৰাৰ চেষ্টা কৰিব ৷

আইপিএল 2020
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

স্কোৱাড :

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ : বিৰাট কোহলী, এবিডি ভিলিয়াৰ্ছ, পাৰ্থিৱ পেটেল, এৰন ফিন্স, জছ বাটলাৰ, ক্ৰিছ মৰিছ, মইন আলি, মহম্মদ ছিৰাজ, শ্বাহবাজ আহমেদ, দেৱদত্ত পাডিক্কাল, য়ুজবেন্দ্ৰ চাহাল, নৱদ্বীপ ছাইনী, ডেল ষ্টেইন, পৱন নেগী, ইছুৰু উদানা, শিৱম ডুবে, উমেশ যাদৱ, গুৰকিৰত সিং মান, ৱাশ্বিংটন সুন্দৰ, পৱন দেশপাণ্ডে, আদাম জাম্পা ৷

কলকাতা নাইট ৰাইডাৰ্ছ : ইয়ন মৰ্গান, শুভমন গীল, নিতীশ ৰানা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক, আন্দ্ৰে ৰাছেল, কুলদ্বীপ যাদৱ, লকী ফাৰ্গুছন, পেট কামিনছ, বৰুণ চক্ৰৱৰ্তী, সুনীল নাৰায়ন, টম বেন্টন, সিদ্ধেশ লাড, কমলেশ নাগাৰকোটি, প্ৰসিদ্ধ কৃষ্ণ, সন্দীপ ৱেৰিয়ৰ, শিভম মাবী, ৰিংকু সিং, ক্ৰিছ গ্ৰীন, এম সিদ্ধাৰ্থ আৰু নিখিল নায়ক ৷

লগতে পঢ়ক : মেক্সৱেল দলৰ এজন যোগ্য সদস্য : কে.এল.ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.