স্পৰ্টছ ডেস্ক, 29 মাৰ্চঃ আই পি এলৰ দ্বাদশ সংস্কৰণৰ অষ্ঠমখন মেচ শুকুৰবাৰে অনুষ্ঠিত হ’ব হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া 8 বজাত ৷ মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ ৷ ইতিমধ্যে দুয়োটা দলেই সাজু হৈছে এই মহাৰণৰ বাবে ৷
অৱশ্যে দুয়োটা দলেই ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা মেচত পৰাজয়ৰ সন্মুখীন হৈছিল ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদ দলটোৱে কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত 6 উইকেটত পৰাস্ত হোৱাৰ বিপৰীতে ৰাজস্থান ৰয়েলছে কিংছ ইলেভেন পাঞ্জাৱৰ বিপক্ষে 14 ৰানত পৰাজয়ৰ সন্মুখীন হৈছিল ৷ গতিকে শুকুৰবাৰৰ মেচখনত দুয়োটা দলেই জয় লাভৰবাবে কঠিন প্ৰত্যাহ্বান জনাব ৷
আই পি এলৰ ইতিহাসত দুয়োটা দলেই ইয়াৰ পূৰ্বে 9 খন মেচত মুখামুখি হৈছে ৷ য’ত 5 খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে জয় লাভ কৰাৰ বিপৰীতে 4 খনত জয়ৰ সোৱাদ ল’বলৈ সক্ষম হৈছে ৰাজস্থান ৰয়েলছে ৷ ইপিনে হায়দৰাবাদত ছাইৰাইজাৰ্ছ দলটোৱে 2 খন মেচত জয় লাভ কৰাৰ বিপৰীতে ৰাজস্থানে 1 খন মেচত জয় লাভ কৰিছে ৷ গতিকে দুয়োটা দলৰ পূৰ্বৰ পৰিসংখ্যাৰ পৰা আজিৰ মেচখন এক হাই ভল্টেজ মেচ ৰূপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷