স্পৰ্টছ ডেস্ক, ৪ এপ্ৰিলঃ আই পি এলৰ দ্বাদশ সংস্কৰণৰ ৫৪ সংখ্যক মেচত আজি মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । প্লে অফৰ স্থান জীৱিত ৰখাৰ লক্ষ্যৰে বেংগালুৰুৰ বিৰুদ্ধে যুঁজত নামিব ছানৰাইজাৰ্ছ হায়দৰাবাদ দলটো ।
হায়দৰাবাদে বৰ্তমান লৈকে নিজৰ ১৩ খন মেচত মুঠ ১২ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে । ইপিনে কলকাতা নাইট ৰাইডাৰ্ছো ১৩ খন মেচত ১২ পইণ্টৰে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়কঃ উচ্চতৰ মাধ্যমিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা
গতিকে নেট ৰান ৰেটৰে হায়দৰাবাদে আজিৰ মেচখনত বৃহৎ জয় লাভৰ চেষ্টা চলাব । আনহাতে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা বেংগালুৰু দলটোৰ লক্ষ্য হ'ব অন্তিমখন মেচত জয় লাভ কৰা । গতিকে হায়দৰাবাদ দলটোৰ দৃষ্টিৰে আজিৰ মেচখন হ'ব অত্যাধিক গুৰুত্বপূৰ্ণ ।