নিউজ ডেস্ক, 12 এপ্ৰিল: বৃহস্পতিবাৰে চেন্নাই চুপাৰ কিংছ দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী আন এক অভিলেখৰ গৰাকী হয় ৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত আইপিএলৰ ইতিহাসত 100 খন মেচত জয়ী হোৱা প্ৰথম গৰাকী অধিনায়ক হিচাপে পৰিগণিত হয় ধোনী ৷ ৰাজস্থান ৰয়েলছৰ 152 ৰাণৰ লক্ষ্য অনুসৰণ কৰি চেন্নাই দলে ধোনী আৰু ৰায়ুডুৰ অৰ্ধশতকৰ জৰিয়তে 6 উইকেট হেৰুৱাই এই ৰাণ অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, অধিনায়ক হিচাপে বৰ্তমান তেওঁ গৌতম গম্ভীৰতকৈ 29 খন বেছি মেচত জয়ী হৈ প্ৰথম স্থানত থকাৰ পৰিৱৰ্তে 71 খন মেচত জয়েৰে গম্ভীৰ দ্বিতীয় স্থানত ৰৈছে ৷ এই জয়েৰে 7 খনৰ 6 খন খেলতে জয়ী হোৱা চেন্নাই দলে 12 পইন্ট সংগ্ৰহেৰে তালিকাৰ শীৰ্ষ স্থানত অৱস্থান কৰিছে ৷