ETV Bharat / sports

ইন্টাৰনেশ্যনেল কেৰিয়াৰৰ পৰা 8 বছৰ পূৰ্বে আজিৰ দিনটোতে বিদায় লৈছিল মাষ্টাৰ ব্লাষ্টাৰে

8 বছৰ পূৰ্বে আজিৰ দিনটোতে নিজৰ ইন্টাৰনেশ্যনল কেৰিয়াৰৰ অন্তিমখন খেল খেলিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী তেণ্ডুলকাৰে দীৰ্ঘতম ফৰ্মেটত 15921 ৰাণ সংগ্ৰহ কৰি অৱসৰ লয় ।

author img

By

Published : Nov 16, 2021, 9:03 AM IST

Updated : Nov 16, 2021, 12:44 PM IST

India celebrates 8 years of Tendulkar's retirement
ইন্টাৰেনেশ্যনেল কেৰিয়াৰৰ পৰা 8 বছৰ পূৰ্বে আজিৰ দিনটোতে বিদায় লৈছিল মাষ্টাৰ ব্লাষ্টাৰে

স্পৰ্টছ ডেস্ক, 16 নৱেম্বৰ : আজিৰ দিনটোতে 8 বছৰ পূৰ্বে নিজৰ ইন্টাৰনেশ্যনল কেৰিয়াৰৰ অন্তিমখন খেলত খেলপাথাৰত দেখা গৈছিল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক ৷ যদিও এই মেছখনত বেটিঙৰ সুবিধা পোৱা নাছিল তেণ্ডুলকাৰে কিন্তু তেওঁ দৰ্শকক নিজৰ হাতখন জোকাৰিয়েই আমোদ প্ৰদান কৰিছিল ৷

তেণ্ডুলকাৰক শেষবাৰৰ বাবে বেট ধৰা চাবলৈ বিচাৰি ষ্টেডিয়ামত থকা জনতা উদ্বিগ্ন হৈ আছিল কিন্তু এক উজ্জ্বল বলিং প্ৰদৰ্শনৰ সৌজন্যত, ঘৰুৱা দলটোৱে ২ খন টেষ্ট মেচৰ যিকোনো এটাত এবাৰতকৈ অধিক কৰিব লগা হোৱা নাছিল । মহম্মদ চামীয়ে চেনন গেব্ৰিয়েলক ক্লীন বোল্ড কৰাৰ পিছতে তেণ্ডুলকাৰক পুনৰবাৰ পথাৰত দেখিবলৈ নোপোৱা কথাটো বস্তৱায়িত হৈ পৰিছিল ৷

India celebrates 8 years of Tendulkar's retirement
ফটো সৌজন্য Google

পৰিৱেশন অনুষ্ঠানত মাষ্টাৰ ব্লাষ্টাৰে দিয়া ভাষণটোৱে সকলোৰে চকুত চকুপানী আনি দিছিল ৷ বহু কমসংখ্যক খেলুৱৈয়েহে ঘৰুৱা দৰ্শকৰ আগত শেষ বিদায় ল’বলৈ সুবিধা লাভ কৰে ৷ তেণ্ডুলকাৰে এই সুবিধা লাভ কৰিছিল ৷

নিজৰ কেৰিয়াৰত 200 খন টেষ্ট খেলা তেণ্ডুলকাৰে সেইদিনা প্ৰায় 20 মিনিটজোৰা নিজৰ ভাষটোত শৈশৱৰ পৰা নিজৰ যাত্ৰা বিবৰি কৈছিল ৷ তেণ্ডুলকাৰে নিজৰ এই সফলতাৰ আঁৰত থকা তেওঁৰ পৰিয়াল, প্ৰশিক্ষকৰ লগতে সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী তেণ্ডুলকাৰে দীৰ্ঘতম ফৰ্মেটত 15921 ৰাণ সংগ্ৰহ কৰি অৱসৰ লয় । তেওঁৰ টেলীত ৫১ টা শতক আৰু ৬৮ টা অৰ্ধ শতক অন্তৰ্ভুক্ত হৈ আছে । তেওঁ ২০১২ চনত এদিনীয়া ক্ৰিকেট ত্যাগ কৰিছিল আৰু সেই ফৰ্মেটত ১৮৪২৬ ৰাণ সংগ্ৰহ কৰিছিল ।

তেণ্ডুলকাৰে তেওঁৰ অৱসৰৰ টেষ্টত এটা উপযুক্ত শতক অৰ্জন কৰাৰ পৰা বঞ্চিত হৈছিল ৷ ডাৰেন ছেমিৰ এটা সুন্দৰ কেচৰ সৌজন্যত তেওঁ ৭৪ ৰাণ কৰিয়েই পেভিলিয়নলৈ উভতিবলগীয়া হৈছিল ৷

অৱসৰৰ পিছতো ক্ৰিকেটৰ পৰা বেছিদিনৰ বাবে আঁতৰি থকা নাছিল তেণ্ডুলকাৰ ৷ তেণ্ডুলকাৰে IPLত মুম্বাই ইণ্ডিয়ানছ দলটোৰ হৈ খেলিছিল ৷ তেণ্ডুলকাৰ সম্প্ৰতি এগৰাকী আংশিক সময়ৰ প্ৰশিক্ষক আৰু ক্ৰিকেট বিশ্লেষক ৷

লগতে পঢ়ক : Red Bull Shuttle Up: গুৱাহাটীৰ দেবাহুতি আৰু মালিনীৰ খিতাপ দখল

Last Updated : Nov 16, 2021, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.