ETV Bharat / sports

World Test Championship final ৰ প্ৰথম দিনৰ খেল বাতিল - মেচ ৰেফাৰী

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship final)ৰ ফাইনেলৰ আৰম্ভণিৰ দিনাই নেৰানেপেৰা বৰষুণৰ বাবে প্ৰথম দিনৰ খেল স্থগিত ৰখা হ’ল ৷ প্ৰথম পৰ্যায়ত টছ বাতিল কৰা হৈছিল যদিও দ্বিতীয় পৰ্যায়ত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত টছ কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছিল ৷ কিন্তু ভাৰতীয় সময় অনুসৰি 7:10 বজাত পুনৰ বৰষুণ আৰম্ভ হোৱাত খেলখন বাতিল হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হোৱা দেখা যায় ৷

first day wash out due to rain of wtc
বাতিলৰ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰথম দিনৰ খেল
author img

By

Published : Jun 18, 2021, 10:16 PM IST

স্পোৰ্টচ ডেক্স, 18 জুন : শুকুৰবাৰে Ageas Bowlত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (World Test Championship final )ত নেৰানেপেৰা বৰষুণৰ বাবে প্ৰথম দিনৰ খেল স্থগিত কৰা হৈছে ৷ প্ৰথম দিনা খেল বাতিল হোৱাৰ লগে লগে এতিয়া ক্ৰিকেট প্ৰেমীৰ চকু সংৰক্ষিত দিনত ৷

উল্লখ্য যে, ৰিজাৰ্ভ দিনত মাত্ৰ 2 ঘন্টা 50 মিনিটৰ বাবেহে খেল অনুষ্ঠিত কৰিব পাৰি ৷ খেলৰ পঞ্চম দিনাহে এই বিষয়ত সিদ্ধান্ত লয় প্ৰতিযোগিতাখনৰ লগত জড়িত মেচ ৰেফাৰীসকলে ৷ 5 দিনত এদিনতকৈ বেছি দিন খেল বাতিল কৰিব লগা হ’লে ৰিজাৰ্ভ দিনটো বাতিল কৰা হ’ব বুলি আই চি চিৰ গাইডলাইনত উল্লেখ আছে ৷ বৰষুণৰ বাবে খেল বাতিল হ’লে খেলখন ড্ৰ' বুলি ঘোষণা কৰা হ’ব আৰু দুয়োটা দলক যুটীয়াভাৱে বিজয়ী কৰি দিয়া হ’ব বুলি বিশ্ব ক্ৰিকেট সন্থাই জানিব দিয়ে ৷

বৰষুণৰ বাবে বহু প্ৰত্যশিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম পৰ্যায়ত টছ বাতিল কৰা হৈছিল যদিও দ্বিতীয় পৰ্যায়ত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত টছ কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছিল ৷ কিন্তু ভাৰতীয় সময় অনুসৰি 7:10 বজাত পুনৰ বৰষুণ আৰম্ভ হোৱাত খেলখন বাতিল কৰা হৈছে ৷ উল্লেখ্য যে, বতৰ বিজ্ঞানীয়ে জনোৱা মতে খেলৰ পাঁচটা দিনতে বৰষুণৰ দিয়াৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : মৰাণ আৰু চেপন টাউনৰ সকলো বিপণি ১২ বজাত বন্ধ কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.