ETV Bharat / sports

India vs Pakistan 2023 : পুনৰ সমুখ সমৰত ভাৰত আৰু পাকিস্তান

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 12:20 PM IST

Updated : Sep 10, 2023, 1:11 PM IST

আজি এছিয়া কাপৰ চুপাৰ-৪ মেচত ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব । বিশ্ববাসী গভীৰ আগ্ৰহেৰে এই বিশেষ মুহূৰ্তলৈ ৰৈ আছে । কিন্তু ভাৰতীয় দলত কোন কোন অন্তৰ্ভুক্ত হ'ব তাৰ বাবে সকলো অপেক্ষাৰত ।

India vs Pakistan 2023
পুনৰ সমুখ সমৰত ভাৰত আৰু পাকিস্তান

স্পৰ্টছ ডেস্ক,১০ ছেপ্টেম্বৰ : এছিয়া কাপৰ শৃংখলাত পুনৰ এবাৰ ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব । ভাৰত আৰু পাকিস্তানৰ মাজৰ এছিয়া কাপ ২০২৩ৰ চুপাৰ-৪ খেলখন আজি ৩ বজাৰ পৰা কলম্বোত অনুষ্ঠিত হ'ব । অৱশ্যে চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপ চুপাৰ-৪ৰ খেলখনৰ পূৰ্বে কে এল ৰাহুল আৰু ঈশান কিষাণৰ মাজত কাক বাছনি কৰা হ'ব সেয়া ভাৰতীয় দল পৰিচালনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ।

দেওবাৰে এছিয়া কাপত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ মুখামুখি হ'ব । ইয়াৰ মাজতে ভাৰতীয় দল পৰিচালনা দলটোৰ লক্ষ্য হৈছে পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ ১১ গৰাকী খেলুৱৈক বাছনি কৰা । ইফালে পূৰ্বৰ খেলখনৰ দৰে এইবাৰো যাতে বৰষুণে বাধা দিব নোৱাৰে তাৰ বাবে সোমবাৰৰ দিনচো 'ৰিজাৰ্ভ'ত ৰখা হৈছে ।

কে এল ৰাহুল দললৈ উভতি অহাৰ ফলত বাছনিৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পৰিচালনা দলটো । ইয়াৰ কাৰণ হৈছে কিষাণে যোৱা এমাহত তেওঁৰ প্ৰদৰ্শনেৰে সকলোকে প্ৰভাৱিত কৰিছে, য'ত তেওঁ ৪ খন মেচত ৪টা অৰ্ধ-শতক অৰ্জন কৰিছে । যোৱা সপ্তাহত পাল্লেকেলেত অনুষ্ঠিত এছিয়া কাপ গ্ৰুপ 'A'ৰ খেলখনতো কিষাণে সুন্দৰ প্ৰদৰ্শন কৰিছিল । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও কিষাণে ভাল প্ৰদৰ্শন কৰিছিল । এই সময়ছোৱাত, কিষাণে ইনিংছ আৰম্ভ কৰাৰ লগতে ৫ নম্বৰত বেটিং কৰিছে । ঝাৰখণ্ডৰ খেলুৱৈগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইনিংছ আৰম্ভ কৰিছিল আৰু পাকিস্তানৰ বিৰুদ্ধে মিডল অৰ্ডাৰত বেটিং কৰিছিল ।

কিষাণ বাওঁহাতৰ বেটছমেন হোৱাৰ বাবে ভাৰতীয় বেটিং লাইন-আপত কিছু বৈচিত্ৰও দেখা গৈছে । সকলো ফালৰ পৰা কিষাণৰ পথ মুকলি হৈ আছে । কিন্তু বেংগালুৰুৰ ক্ৰিকেটাৰ কে এল ৰাহুলৰ ৫ নম্বৰৰ বেটিং লাইন আপকো উপেক্ষা কৰাটোও কঠিন । আঘাতৰ বাবে তেওঁ এই বছৰৰ মাৰ্চৰ পৰা এদিনীয়া খেল খেলা নাই যদিও তেওঁৰ পূৰ্বৰ ৰেকৰ্ডে পৰিচালনা দলটোক সমস্যাত পেলাইছে ।

ইয়াৰ আঁৰৰ কাৰণ হৈছে যে ৰাহুল ২০১৯ চনৰ পৰা ভাৰতৰ অন্যতম শক্তিশালী এদিনীয়া বেটছমেন । তেওঁ ২০১৯ চনত ১৩ খন খেলত ৪৭.৬৭ গড়ে ৫৭২ ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ পাছতো তেওঁৰ ভাল প্ৰদৰ্শন অব্যাহত আছিল । ২০২০ চনত তেওঁ ৯ খন খেলত ৫৫.৩৮ গড়ে ৪৪৩ ৰাণ, ২০২১ চনৰ খেলত ৮৮.৫০ গড়ে ১০৮ ৰাণ, ২০২২ চনত ১০ খন মেচত ২৭.৮৯ ৰ গড়ত ২২৬ ৰাণ সংগ্ৰহ কৰিছে ।

যদি এই পৰিসংখ্যাবোৰ অধিক নিবিড়ভাৱে চোৱা যায় ৫ নম্বৰত বেটিং কৰাৰ সময়ত ৰাহুলে ১৮ খন মেচত ৫৩ ৰ গড়ত ৭৪২ ৰাণ সংগ্ৰহ কৰিছে । তাৰ ভিতৰত আছে এটা শতক আৰু ৭ টা অৰ্ধ-শতক । এই পৰিসংখ্যাবোৰৰ উপৰিও তেওঁৰ উইকেটকিপিঙৰ প্ৰতিভা গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

দল পৰিচালনা সমিতিয়ে কঠিন সিদ্ধান্তটো ল'ব লাগিব । কিয়নো এই খেলখন ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ । 'চুপাৰ-৪ৰ' মেচখনত জয়ী হোৱাটো কেৱল ভাৰতীয় দলটোৱে নহয় সমগ্ৰ দেশবাসীৰ বাবেই গুৰুত্বপূৰ্ণ ।

পাকিস্তানে লাহোৰত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি দুটা পইণ্ট লাভ কৰে । আন এখনত জয়ী হ'লে পাকিস্তানে সহজে ফাইনেললৈ যাব । ভাৰতেও সেই তালিকাত থাকিব বিচাৰে কিন্তু তেওঁলোকে পাকিস্তানৰ আক্ৰমণাত্মক বলিঙৰ সৈতে মোকাবিলা কৰিব লাগিব ।

অৱশ্যে, ৰোহিত আৰু অন্যান্য ভাৰতীয় বেটছমেনসকলে শ্বাহিন শ্বাহ আফ্ৰিদীৰ দ্ৰুত গতিৰ বলৰ প্ৰতি সতৰ্ক হ'ব । কিন্তু পাকিস্তানৰ আন আন বলাৰসকলো সমানে আক্ৰমণাত্মক । হাৰিছ ৰৌফে ৩ খন খেলত ৯ টা উইকেট দখল কৰি এছিয়া কাপৰ বলিং চাৰ্টত আগবাঢ়ি আছে । নাছিম শ্বাহৰ হাতটো ৭ টা উইকেট আছে আৰু তেওঁও প্ৰতিদ্বন্দী ভাৰতীয় বেটছমেনসকলৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব ।

পাকিস্তানক প্ৰত্যাহ্বান জনাবলৈ ভাৰতৰ হাতটো আছে তীক্ষ্ণ বলাৰ । যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় বলিং শক্তিশালী কৰিব । তেওঁ নেপালৰ বিৰুদ্ধে লীগ মেচ খেলা নাছিল । মহম্মদ চিৰাজ আৰু শাৰ্দুল ঠাকুৰেও সমৰ্থন বলাৰৰ ভূমিকা দক্ষতাৰে পালন কৰিব পাৰে । কিন্তু যেতিয়া দুয়োটা দল মুখামুখি হয় এই সকলোবোৰ কাৰক অপ্ৰাসংগিক হৈ পৰে । ইতিমধ্যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে দল একাদশ ঘোষণা কৰিছে ।

পাকিস্তান প্লেয়িং ১১ : বাবৰ আজম (অধিনায়ক), ছাদ্দাব খান (উপ-অধিনায়ক), ইমাম-উল-হক, ফখৰ জামান, চলমান আঘা, ইফতিখাৰ আহমেদ, মহম্মদ ৰিজৱান (উইকেটকিপাৰ), ফাহিম আশ্ৰফ, নাছিম শ্বাহ, শ্বাহিন শ্বাহ আফ্ৰিদী, হাৰিছ ৰৌফ ।

ভাৰতৰ সম্ভাব্য প্লেয়িং ১১ : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, ঈশান কিষাণ/ কে এল ৰাহুল (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ/ অক্সৰ পেটেল, কুলদীপ যাদৱ, জছপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।

লগতে পঢ়ক :Asia Cup 2023 : ছুপাৰ ফ’ৰৰ দ্বিতীয়খন মেচত শ্ৰীলংকাৰ হাতত ২১ ৰাণত পৰাস্ত বাংলাদেশ

Last Updated : Sep 10, 2023, 1:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.