স্পৰ্টছ ডেস্ক, ৪ জানুৱাৰী : কেপটাউনত অনুষ্ঠিত ভাৰত-আফ্ৰিকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে । লগে লগে কেপটাউনত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰা প্ৰথম এছিয়ান দল হিচাপে পৰিগণিত হয় ভাৰত । মাত্ৰ চাৰে চাৰি ছেছন আৰু ৬৪২ টা বলত এখন টেষ্ট সমাপ্ত হোৱাৰ লগে লগে টেষ্ট ইতিহাসত আটাইতকৈ কম সময়ৰ টেষ্ট মেচৰো অভিলেখ সৃষ্টি হয় । ইয়াৰ উপৰি ভাৰতে তিনিওটা ফৰ্মেটত সীমিত অভাৰত বিজয় আৰু টি-২০ আৰু টেষ্টত ড্ৰৰে অপৰাজিত হৈ টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকা ভ্ৰমণ সামৰে । টেষ্টখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মহম্মদ চিৰাজে । চিৰাজে প্ৰথম ইনিংছত ৬ টা উইকেট দখল কৰিছিল । আনহাতে, টেষ্ট শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে যশপ্ৰীত বুমৰাহ আৰু ডিন এলগাৰে ।
-
An action-packed Day 1 in Cape Town comes to an end 🙌🏻
— BCCI (@BCCI) January 3, 2024 " class="align-text-top noRightClick twitterSection" data="
A total of 2️⃣3️⃣ wickets were claimed on the opening day!
South Africa 62/3 in the second innings, trail by 36 runs.
Scorecard ▶️ https://t.co/PVJRWPfGBE#TeamIndia | #SAvIND pic.twitter.com/7lo71BWms0
">An action-packed Day 1 in Cape Town comes to an end 🙌🏻
— BCCI (@BCCI) January 3, 2024
A total of 2️⃣3️⃣ wickets were claimed on the opening day!
South Africa 62/3 in the second innings, trail by 36 runs.
Scorecard ▶️ https://t.co/PVJRWPfGBE#TeamIndia | #SAvIND pic.twitter.com/7lo71BWms0An action-packed Day 1 in Cape Town comes to an end 🙌🏻
— BCCI (@BCCI) January 3, 2024
A total of 2️⃣3️⃣ wickets were claimed on the opening day!
South Africa 62/3 in the second innings, trail by 36 runs.
Scorecard ▶️ https://t.co/PVJRWPfGBE#TeamIndia | #SAvIND pic.twitter.com/7lo71BWms0
উল্লেখ্য যে দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকা ১৭৬ ৰাণত অল আউট হয় । দ্বিতীয়দিনা দক্ষিণ আফ্ৰিকাই ৩ উইকেটত 62 ৰাণৰ পৰা ইনিংছ আৰম্ভ কৰে । তাৰ পিছত এইডেন মাৰ্ক্ৰামৰ দৰ্শনীয় শতকেৰে দক্ষিণ আফ্ৰিকাই কিছু দৃঢ়তা প্ৰদৰ্শন কৰিলেও ভাৰতৰ সন্মুখত মাত্ৰ ৭৯ ৰাণৰহে বিজয় লক্ষ্য বান্ধি দিবলৈ সক্ষম হয় ।
৭৯ ৰাণৰ বিজয় লক্ষ্য লৈ ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱাল ক্ৰীজত নামে । জয়ছোৱালে উইকেটৰ এটা মূৰত খৰতকীয়াকৈ ৰাণ সংগ্ৰহৰ লক্ষ্য লৈ ২৩ টা বলত ২৮ ৰাণ কৰি আউট হয় । ইয়াৰ পিছত শুভমন গিল আৰু বিৰাট কোহলীয়ে বিশেষ কোনো অৱদান আগবঢ়াব নোৱাৰিলেও ৰোহিত শৰ্মা (১৭) আৰু শ্ৰেয়স আয়াৰে (৪) দলক বিজয় লক্ষ্যত উপনীত কৰায় । দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো য়ানছেন আৰু নান্দ্ৰে বাৰ্গাৰ হৈছে সফল বলাৰ ।
-
2ND Test. WICKET! 17.6: David Bedingham 11(12) ct K L Rahul b Jasprit Bumrah, South Africa 66/4 https://t.co/PVJRWPfGBE #SAvIND
— BCCI (@BCCI) January 4, 2024 " class="align-text-top noRightClick twitterSection" data="
">2ND Test. WICKET! 17.6: David Bedingham 11(12) ct K L Rahul b Jasprit Bumrah, South Africa 66/4 https://t.co/PVJRWPfGBE #SAvIND
— BCCI (@BCCI) January 4, 20242ND Test. WICKET! 17.6: David Bedingham 11(12) ct K L Rahul b Jasprit Bumrah, South Africa 66/4 https://t.co/PVJRWPfGBE #SAvIND
— BCCI (@BCCI) January 4, 2024
আনহাতে, দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাৰ এইডেন মাৰ্ক্ৰামে ১০৩ ৰাণত ১০৬ ৰাণৰ এক দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে । উইকেটৰ এটা মূৰত নিয়মিত অন্তৰালত উইকেট পৰি থাকিলেও মাৰ্ক্ৰামে আনটো মূৰত স্বাচ্ছন্দ্যৰে নিজৰ স্বাভাৱগত খেল খেলি যায় । আনহাতে, দক্ষিণ আফ্ৰিকাৰ হৈ দ্বিতীয় সৰ্বোচ্চ ৰাণ আহে অধিনায়ক ডিন এলগাৰৰ বেটৰ পৰা । সদ্যহতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা এলগাৰৰ অন্তিম টেষ্ট ইনিংছত বেটৰ পৰা আহে ১২ ৰাণ ।
আনহাতে, ভাৰতৰ হৈ সফল বলাৰ হৈছে যশপ্ৰীত বুমৰাহ । বুমৰাহে নিজৰ বিষাক্ত পেচ স্পেলেৰে দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলক ধৰাশায়ী কৰে । নিজৰ ১৩.৫ অভাৰত ৪.৪১ ইকনমি ৰেটেৰে বুমৰাহে ৬ টা উইকেট দখল কৰে । আনহাতে, মুকেশ কুমাৰে দুটা আৰু মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই এটাকৈ উইকেট দখল কৰে ।
উল্লেখ্য যে দুখনীয়া টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টৰ প্ৰথম দিনটো আছিল অতি নাটকীয় । প্ৰথমদিনা টছত জয়ী হৈ বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ দলটো ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত মাত্ৰ ৫৫ ৰাণতে অল আউট হয় । প্ৰথম ইনিংছত মহম্মদ চিৰাজে ৬টা কৈ উইকেট দখল কৰে । আনহাতে, মুকেশ কুমাৰ আৰু যশপ্ৰীত বুমৰাহে দুটাকৈ উইকেট লাভ কৰে ।
দক্ষিণ আফ্ৰিকাৰ ৫৫ ৰাণৰ প্ৰত্যুত্তৰত বেটিং কৰি ভাৰতীয় দলটোৱে চাহ বিৰতিলৈকে ৪ উইকেটৰ বিনিময়ত ১১৪ ৰাণ সংগ্ৰহ কৰে । তাৰ পিছত দলীয় স্ক'ৰ 153 ৰাণত কে এল ৰাহুলৰ উইকেট পৰে 8 ৰাণৰ ব্যক্তিগত স্ক'ৰত । তাৰ পিছতে আৰম্ভ হয় ভাৰতীয় বেটিং লাইনআপত খহনীয়া । এটাৰ পিছত আন এটাকৈ 6 টা উইকেট এটাও ৰাণ নোহোৱাকৈ পতন ঘটে । মেচখন উপভোগ কৰা অনুৰাগী তথা দৰ্শকে যেন নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল যে ইমান এটা ভাল স্থিতিত থকা ভাৰতীয় দলটোৱে এটাও ৰাণ যোগ নকৰাকৈ ৬ টা উইকেট হেৰুৱাব ।
লগে লগে টেষ্ট ইতিহাসত ভাৰতৰ নামত যোগ হয় এক অবাঞ্ছিত অভিলেখ । ইয়াৰ পূৰ্বে টেষ্ট ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে আফ্ৰিকা ইমান কম স্ক'ৰত অল আউট হৈছিল । ভাৰত বনাম আফ্ৰিকা দ্বিতীয় টেষ্ট মেচৰ প্ৰথমদিনা ২৩ টা উইকেটৰ পতন ঘটে । এইটোও এটা অভিলেখ আছিল ।
দল দুটা
ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটৰক্ষক), ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, মুকেশ কুমাৰ ।
দক্ষিণ আফ্ৰিকা : ডিন এলগাৰ (অধিনায়ক), এইডেন মাৰ্ক্ৰাম, টনি ডি জৰ্জি, ট্ৰিষ্টান ষ্টবছ, ডেভিদ বেডিনহাম, কাইল ভেৰেইনে (উইকেটৰক্ষক), মাৰ্কো য়ানচেন, কেশৱ মহাৰাজ, কাগিচো ৰাবাডা, নান্দ্ৰে বাৰ্গাৰ, লুঙ্গি এনগিড়ি ।
লগতে পঢ়ক :ভাৰত বনাম দক্ষিণ আফ্ৰিকা, অভিলেখৰ এটা দিন