ETV Bharat / sports

জাদেজাৰ ক্ৰীড়াৰ যাদুৰে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত বৃহৎ জয় ভাৰতৰ - টেষ্ট মেচত বৃহৎ জয় ভাৰতৰ

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত বৃহৎ জয় ভাৰতৰ (India beats Sri Lanka in first test)৷ এটা ইনিংছ আৰু 222 ৰাণ পৰাস্ত সিংঘল বাহিনী ৷ জাদেজা আৰু আশ্বিনে গঢ়িলে অভিলেখ ৷

In the first test match India beats Sri Lanka

author img

By

Published : Mar 6, 2022, 8:29 PM IST

নিউজ ডেস্ক, 6 মাৰ্চ : ৰবীন্দ্ৰ জাডেজাৰ অনবদ্য ক্ৰীড়া প্ৰদৰ্শনেৰে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত বৃহৎ জয় ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলৰ (India beats Sri Lanka in first test)৷ প্ৰথমে বেটিং কৰি শ্ৰীলংকাক 575 ৰাণ এক বিশাল লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতক 175 ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিলে ৰৱীন্দ্ৰ জাদেজাই (Ravindra jadeja records in test cricket)৷ কেৱল বেটিঙতেই নহয়, বলিঙতো সুন্দৰ প্ৰদৰ্শন দেখা গ’ল ৰৱীন্দ্ৰ জাদেজাৰ ৷ প্ৰথম ইনিংছত শ্ৰীলংকাৰ 5 টাকৈ উইকেট দখল কৰে জাদেজাই ৷

ভাৰতে বান্ধি দিয়া 575 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 174 ৰাণতে প্ৰথম ইনিংছ সামৰে শ্ৰীলংকা দলে ৷ প্ৰথম ইনিংছত ফ’ল’ অনৰ পাচত দ্বিতীয় ইনিংছ আৰম্ভ আৰম্ভ কৰা শ্ৰীলংকাই 178 ৰাণতে আটাই কেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে (India Sri lanka first test)৷ দ্বিতীয় ইনিংচত 4 টা উইকেট দখল কৰে ৰৱীন্দ্ৰ জাদেজাই ৷

এই টেষ্ট মেচ খনত জাদেজাই 175 ৰাণ কৰাৰ লগতে 9 টাকৈ উইকেট সংগ্ৰহ কৰে ৷ 60 বছৰৰ পাচত কোনো ভাৰতীয় ক্ৰিকেটাৰে 150 ৰাণ সংগ্ৰহ কৰাৰ লগতে 5 টা উইকেট দখল কৰিছে ৷ বিনু মানকাড়ে 1952 চনত ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডচত আৰু 1962 চনত পল্লী উম্ৰিগঢ়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লীত এনে অভিলেখ গঢ়িছিল ৷

এই খেলখনত এক অনন্য কৃতিত্ব অৰ্জন কৰে ভাৰতীয় স্পীনাৰ ৰৱীচন্দন আশ্বিনে ৷ 83’ৰ বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱক অতিক্ৰম কৰি দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ’ল আশ্বিন ৷ কপিল দেৱে 131 খন খেলত সংগ্ৰহ কৰিছিল 434 টা উইকেট ৷ আশ্বিনে 85 খন খেলত 435 টা উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্য 619 টা উইকেটেৰে তালিকাৰ শীৰ্ষত আছে অনিল কুম্বলে ৷

এই জয়েৰে টেষ্ট শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰে ভাৰতে ৷ এটা ইনিংছ 222 ৰাণৰ বিশাল ব্যৱধানত এই বিজয় সাব্যস্ত কৰে ভাৰতে ৷

থোৰতে স্ক’ৰ বৰ্ড :

ভাৰত (প্ৰথম ইনিংচ) : বেটিং

ৰৱীন্দ্ৰ জাদেজা - 175 (228) (অপ)

ঋষভ পন্ট - 96(97)

ৰৱীচন্দ্ৰন আশ্বিন- 61 (82)

শ্ৰীলংকা (প্ৰথম ইনিংচ) : বলিং

সুৰাংগা লাকমল -2/90

বিশ্ব ফাৰ্ণাণ্ডো- 2/135

লাচিথ এম্বুলডেনিয়া- 2/188

শ্ৰীলংকা (প্ৰথম ইনিংচ) : বেটিং

পাথাম নিচাংক- 61(133) (অপ)

চৰিথ আচালংকা- 29(64)

ভাৰত (প্ৰথম ইনিংচ) : বলিং

ৰৱীন্দ্ৰ জাদেজা - 5/41

ৰৱীচন্দ্ৰন আশ্বিন- 2/49

যশপ্ৰীট বুমৰাহ- 2/36

শ্ৰীলংকা (দ্বিতীয় ইনিংচ) : বেটিং

নিৰ’শান ডিকোৱেলা- 51(81) (অপ)

ধনঞ্জয় ডি চিলভা- 30(58)

ভাৰত (দ্বিতীয় ইনিংচ) : বলিং

ৰৱীন্দ্ৰ জাদেজা - 4/46

ৰৱীচন্দ্ৰন আশ্বিন- 8/47

লগতে পঢ়ক : ICC Women's World Cup : ভাৰতৰ হাতত 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.